সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ চচল শাখাৰ কবি সন্মিলন
স্বৰ্গীয়া নীলিমা গোস্বামী শৰ্মাৰ সোৱঁৰণিত কবি সন্মিলন
ৰঙিলী বাৰ্ত্তাসেৱা- চচলৰ ৰবীন্দ্ৰ নাথ দাস সভাগৃহত চচল শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী স্বৰ্গীয়া নীলিমা গোস্বামী শৰ্মাৰ সোৱঁৰণিত এখনি কবি সন্মিলন অনুষ্ঠিত হয়। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ চচল শাখাৰ উদ্যোগত আৰু নীলিমা গোস্বামী শৰ্মাৰ পৰিয়ালৰ সহযোগত চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা কবি সন্মিলন খনিত নীলিমা গোস্বামী শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে চচল শাখা লেখিকা সমাৰোহৰউপদেষ্টা ড৹ হিৰণ্ময়ী নাথ আৰু নীলিমা গোস্বামী শৰ্মাৰ পুত্ৰ বোৱাৰীয়ে। চচল শাখাৰ সভানেত্ৰী প্ৰণীতা শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কবি সন্মিলন খনিত আদৰণী ভাষন আগবঢ়ায় সম্পাদিকা চিত্ৰা দাসে। কবি সন্মিলন উদ্বোধন কৰে বিশিষ্ট শিশু সাহিত্যিক তথা কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা নীলিমা বৰাই। কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত বিভিন্ন শাখাৰ প্ৰায় চল্লিশ গৰাকী কবিয়ে যোগদান কৰা অনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট কবি দেৱ প্ৰসাদ তালুকদাৰে। তেখেতে পঠিত প্ৰতিটো কবিতাৰে একোটা মূল্যবান পৰ্যালোচনা আগবঢ়োৱাৰ উপৰিও সাৰুৱা বক্তব্যৰে উপস্থিত সকলোকে আপ্লুত কৰি তোলে। উপস্থিত প্ৰতি গৰাকী কবিকে চচল শাখাৰ তৰফৰ পৰা একোখন প্ৰশংসা পত্ৰ আগবঢ়াই সন্মানিত কৰা হয়।সন্মিলন খনিত উপস্থিত থকা কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা তথা চচল শাখাৰ উপ-সভানেত্ৰী শেৱালী ভাগৱতীয়ে নীলিমা গোস্বামী শৰ্মাৰ সান্নিধ্যৰ কথা ষ্মৰণ কৰি দুআষাৰ বক্তব্য আগবঢ়ায়।হেঙেৰাবাৰী শাখাৰ সদস্যা কাকলী ভাগৱতীয়ে এটি জ্যেতি সংগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। শেষত সভানেত্ৰীৰ বক্তব্য আৰু সম্পাদিকাই শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত জাতীয় সংগীতেৰে কবি সন্মিলন খনি সমাপ্ত হয়।