সদৌ অসম যক্ষ্মা দূৰীকৰণ আঁচনিৰ ঠিকা ভিত্তিক কৰ্মচাৰী সন্থা

সদৌ অসম যক্ষ্মা দূৰীকৰণ আঁচনিৰ ঠিকা ভিত্তিক কৰ্মচাৰী সন্থা
দৰমহা বৃদ্ধি নকৰিলে ১০০ দিনীয়া যক্ষ্মামুক্ত কেম্পেইনত অসহযোগ কৰাৰ হুংকাৰ

সমস্যাৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰীক ত্ৰিপাক্ষিক বৈঠক আহ্বানৰ দাবী

মঙলদৈ , ৰঙিলী বাৰ্ত্তাসেৱা- দীৰ্ঘদিনে নিজৰ প্ৰাপ্যৰ দাবীত মুখ্যমন্ত্ৰীকে ধৰি বিভাগীয় মন্ত্ৰী, বিষয়াক বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান কৰিও কোনো সঁহাৰি নোপোৱাত ক্ষুদ্ধ হৈ পৰা সদৌ অসম যক্ষ্মা দূৰীকৰণ আঁচনিৰ ঠিকা ভিত্তিক কৰ্মচাৰী সন্থাই বৰ্তমান চলি থকা ১০০ দিনীয়া যক্ষ্মামুক্ত কেম্পেইনত অসহযোগ কৰাৰ হুংকাৰ দিছে। আগন্তুক ১০ দিনৰ ভিতৰত স্বাস্থ্য মন্ত্ৰীয়ে বিভাগীয় আমোলা – বিষয়া আৰু সন্থাৰ মাজত বৈঠক অনুষ্ঠিত কৰি সন্থাৰ দাবী সমূহৰ সমাধান সূত্ৰ উলিয়াই নিজৰ সদ্দিচ্ছা প্ৰকাশ কৰিবলৈ স্বাস্থ্য মন্ত্ৰীক আহ্বান জনাইছে। অন্যথা ১০ দিনৰ পাছত ১০০ দিনীয়া যক্ষ্মামুক্ত কেম্পেইনত অসহযোগ কৰি ধাৰাবাহিক আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা সন্থাই প্ৰকাশ কৰিছে। আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত সন্থাৰ সভাপতি গণেশ দত্ত, কাৰ্যকৰী সভাপতি ৰঞ্জিত বৰুৱা, সাধাৰণ সম্পাদক ৰিয়াজ উদ্দিনে অতি ক্ষোভেৰে প্ৰকাশ কৰে যে, সামান্য পাৰিতোষিকৰ বিনিময়ত সুদীৰ্ঘ ২৭ বছৰে যক্ষ্মাৰ দৰে মাৰাত্মক সোঁচৰা ৰোগ নিৰ্মূলকৰণত জড়িত পাঁচ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীৰ দাবীৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাই। ইতিমধ্যে ১৮ জন সতীৰ্থ ঠিকাভিত্তিক কৰ্মচাৰীক চিৰদিনৰ বাবে হেৰুৱাই শোকত ভাগি পৰা এই কৰ্মচাৰী সকলে কৰ্তব্যত কোনো হেলা নকৰি দিন ৰাতি একাকাৰ কৰি যক্ষ্মা ৰোগীক আৰোগ্য কৰাৰ কামত জড়িত হৈ থাকিও এনেদৰে চৰকাৰৰ সুদৃষ্টি লাভ নকৰাত অৱশেষত আন্দোলনৰ দৰে অবাঞ্চিত কাৰ্যসূচী লবলৈ বাধ্য হৈছে বুলি প্ৰকাশ কৰিছে। যক্ষ্মা বিভাগৰ পাঁচ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰি পেঞ্চন প্ৰদান কৰা, দৰমহা বৃদ্ধি কৰা, মৃত সতীৰ্থ কৰ্মচাৰীৰ পৰিয়ালক কমে ২৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে যোগ্য জনক চাকৰিত মকৰল কৰা, অনাদায় ভ্ৰমণ বানচ আৰু দৈনিক ভাত্তা মোকলাই দিয়া, অইন কৰ্মচাৰীৰ দৰে চৰকাৰী সা- সুবিধা প্রদান কৰা, কৰ্মচাৰী সকলৰ বাবে বিনামূলীয়া চিকিৎসা আঁচনি প্ৰৱৰ্তন কৰা, ৰাজ্য চৰকাৰৰ অন্যান্য কৰ্মচাৰীৰ সমাহাৰত দৈনিক ভাট্টা প্রদান কৰা, ট্রাইবেল বেল্টৰ জিলাকেইখনত কৰ্মৰত কৰ্মচাৰীক অতিৰিক্ত ভাট্টা প্ৰদানৰ কৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন আৰু ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ লেবৰেটৰী টেকনিচিয়ান সকলৰ দৰমহা বৈষম্য দূৰ কৰা, ডাটা এণ্ট্ৰী অপাৰেটৰ আৰু ড্ৰাইভাৰক আউটচৰ্চৰ পৰিবৰ্তে অন্যান্য কৰ্মচাৰীৰ দৰে দৰমহা প্ৰদান কৰা, খালী পদ সমূহ শীঘ্ৰেই পূৰণ কৰা, কামৰ বোজা অনুপাতে অধিক কৰ্মচাৰী নিয়োগ কৰা, এই কৰ্মচাৰী সকলে অৱসৰ কালীন অৱস্থাত চৰকাৰে কি কি সুবিধা প্ৰদান কৰিব তাক স্পষ্টকৈ উল্লেখ প্ৰকাশ কৰা আদি দাবী সন্থাই উত্থাপন কৰি আহিছে। কিন্তু অসমৰ ওচৰ-চুবুৰীয়া অৰুণাচলকে ধৰি পশ্চিম বঙ্গ, দিল্লী, চিকিম, গুজৰাট, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ যক্ষ্মা বিভাগৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া তথা অসমৰ কৰ্মচাৰীতকৈ অধিক দৰমহা লাভ কৰে বুলি উল্লেখ কৰি সন্থাই কয়- আবেদন নিবেদন বহুত কৰা হ’ল, এতিয়া আৰু আমি আবেদন নিবেদন কৰি নাথাকো। যদিহে ১০ দিনৰ ভিতৰত সন্থাই উত্থাপন কৰি অহা দাবী সমূহৰ ক্ষেত্ৰত মন্ত্ৰী পৰ্যায়ত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত নকৰে তেন্তে কাম বন্ধ কৰি আমি আন্দোলনত নামিম।’