সদৌ অসম বাধিৰ অভিভাৱক কল্যাণ সন্থা গঠন
ৰঙিলী বাৰ্ত্তাসেৱা- ১৯ অক্টোবৰত অসম বাধিৰ সন্থাৰ উদ্যোগত অসম বাধিৰ সন্থাৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা বাধিৰ অভিভাৱক সন্মিলনত ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা শতাধিক বধিৰ অভিভাৱকৰ উপস্থিতিত সদৌ অসম বাধিৰ অভিভাৱক কল্যাণ সন্থা গঠন কৰা হয়। শঙ্কৰ শিলক উপ সভাপতি, আৰু শৰৎ চন্দ্ৰ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। অসম বাধিৰ সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শৰ্মাই আদৰণি ভাষণেৰে আৰম্ভ কৰা ৰাজ্যৰ বাধিৰ সকলে সম্মুখীন হোৱা জলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে মহী আইৰ দৃষ্টিৰে চোৱা অভিযোগ উত্থাপন কৰি ৰাজ্যখনৰ বাধিৰ অভিভাৱক সকলক মাৰবান্ধি ওলাই আহিবলৈ আহ্বান জনায়। সভাখনত অংশ গ্ৰহণ কৰি সন্থাৰ উপ সভানেত্রী স্বর্ণলতা পেগু এ আক্ষেপ প্রকাশ কৰে। যি সময়ত কেন্দ্ৰৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে দিব্যঙ্গ সকলৰ উন্নতিৰ ক্ষেত্ৰত সাংকেতিক ভাষাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে আইন প্রণয়ন কৰিছে তেনেসময়তো ৰাজ্য চৰকাৰে দিব্যাংগ সকলক গুৰুত্ব প্ৰদান নকৰাটো ৰাজ্য খনৰ বাবে অতিকৈ উদ্বেগ জনক। আজি এই সভাত অসম বধিৰ সংস্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শৰ্মা, সংস্থাৰ উপ-সভাপতি স্বর্ণলতা পেগু, সক্রিয় সদস্য মুকুল দত্ত, উত্তৰ-পূব বধিৰ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী ৰয় বৰুৱা, উজনি অসম বাধিৰ সন্থাৰ সভাপতি বিজয় গোহাঁই অসম বধিৰ মহিলা পৰিষদৰ উপ-সভাপতি অনোৱাৰা বেগম আৰু মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ লগতে ছাত্র- ছাত্ৰীৰ অভিভাৱকসকল উপস্থিত থাকে। সভাত বধিৰ সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ে বিস্তৃত আলোচনাৰ হয়, যেনেচৰকাৰী চাকৰিত বঞ্চনা, নিবনুৱা সমস্যা, বধিৰসকলৰ বাবে ভাট্টাৰ ব্যৱস্থা, বাধিৰ পেঞ্চন আঁচনি, বধিৰসকলৰ বাবে সুলভ মূল্যৰ দোকান খোলাৰ বাবে অনুজ্ঞাপত্ৰ লাভৰ সুযোগ , শিক্ষা, আৰু জনসচেতনতা বিকাশ কার্যসূচী। আজি অনুষ্ঠিত হোৱা অসম বধিৰ সন্থাৰ এই সভাত বধিৰ সমাজৰ প্ৰতি সমর্থন আগবঢ়াই অধিকাংশ অভিভাৱকে মূল্যবান ভাষণ আগবঢ়ায়। এই সভাত অভিভাৱকে বধিৰ সকলৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সমর্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। আজিৰ সভাত অসম বাধিৰ সন্থাই আগন্তুক বধিৰ আন্দোলন বিধান সভাৰ উপ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ বাবে 23 নৱেম্বৰ লৈ স্থগিত ৰাখে। এই বিষয়ে আলোচনা কৰিবলৈ অহা 3 নৱেম্বৰত অসম বাধিৰ সন্থাৰ মূখ্য কাৰ্যালয়ত এক বৃহৎ সভাৰ আহ্বান কৰা হৈছে।