সদৌ অসম পৌৰ সভা আয়ুক্ত সংস্থাৰ সাধাৰণ সভা

সদৌ অসম পৌৰ সভা আয়ুক্ত সংস্থাৰ সাধাৰণ সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ দীঘলী পুখুৰী পাৰস্থিত অসম সাহিত্য সভা ভৱনৰ লক্ষীৰাম বৰুৱা সদনত সদৌ অসম পৌৰসভা আয়ুক্ত সংস্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত বি টি আৰৰ পৌৰ আয়ুক্তক বাদ দি অসমৰ প্ৰায় সকলো জিলাৰ পৌৰসভা আয়ুক্ত সকলে অংশগ্ৰহণ কৰে। উক্ত সভাত সংস্থাৰ সভাপতি ডঃ সুৰজিত বৰ্মণ, সাধাৰণ সম্পাদক প্ৰবীণ দাস, যুটীয়া সম্পাদক প্ৰদীপ দাস, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ উপাধ্যক্ষ অমৰ জ্যোতি বৰঠাকুৰ, টিহু নগৰ সমিতিৰ অধ্যক্ষা হিমানী মজুমদাৰ, গোলাঘাট পৌৰসভাৰ অধ্যক্ষা দুলুমনি বৰা, পাঠশালাৰ অধ্যক্ষ ৰাতুল ৰায়, মৰিগাঁওৰ উপাধ্যক্ষ যোগেশ তামূলী, পাটাৰচাৰকুচিৰ অধ্যক্ষ জয়ন্ত তহবিলদাৰ, লগতে প্ৰায় দুই শতাধিক পৌৰসভা কৰ্ম কৰ্তাৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয়। জানিব পৰা মতে আজিৰ সভা আয়োজনৰ মূল উদ্দেশ্য হ’ল যে পৌৰসভা ১৯৫৬ আইন খন ২০২৪ত সংশোধনী ঘটাই পৌৰপতি সকলৰ বিত্তীয় আৰু আন আন ক্ষমতা কৰ্তন কৰাৰ লগতে কেইটামান আনুসঙ্গিক দফা নস্যাৎ কৰাৰ বাবে তেওঁলোকে চৰকাৰ তথা বিভাগীয় মন্ত্ৰীৰ ওচৰত আইন খনৰ বিষয়ে বিবেচনা কৰি আকৌ নতুনকৈ সংশোধন কৰাৰ বাবে আজি প্ৰস্তাৱ গ্ৰহণ কৰে আৰু অতি সোনকালে বিভাগীয় মন্ত্ৰী আৰু চৰকাৰক দাখিল কৰা হ’ব বুলি জানিব পৰা যায়।বৰ্তমানৰ আইন খনত পৌৰপতি সকলক সম্পূৰ্ণ ক্ষমতাহীন কৰি পেলোৱা হৈছে। লগতে তেওঁলোকে ইয়াকো কয় যে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰা নাই এয়া মাত্ৰ চৰকাৰৰ প্ৰতি তেওঁলোকৰ এটি সাধাৰণ দাবীহে। এই সভাত প্ৰায় ২১০ জন মান পৌৰসভাৰ বিষয় ববীয়া উপস্থিত আছিল।