সদৌ অসম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী
ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ অসমৰ জিলা সদৰ সমূহত ৮৬০ জন শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যসূচী অনুসৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি লতাশিল খেলপথাৰত অসম চুক্তি সম্পাদনৰ ৩৯ বছৰ সম্পূৰ্ণ হৈ ৪০ বছৰত পদাৰ্পণৰ ক্ষণত ঐতিহাসিক অসম আন্দোলনৰ জাতীয় শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ প্ৰায় ১০০ লোকৰ উপস্থিতিত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ উক্ত বন্তি প্ৰজ্বলন কাৰ্যসূচীত আছুৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা,প্ৰাথমিক বিদ্যালয় সন্থাৰ সাধাৰণ সম্পাদক ৰাতুল গোস্বামী, অধিবক্তা সত্যেন শৰ্মা,সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি কমল মহন্ত,সম্পাদক প্ৰাঞ্জল ডেকা,কামৰূপ মহানগৰ ছাত্ৰ সন্থাৰ সম্পাদক সমীৰন কলিতা আদি বিশিষ্ট লোক সকল উপস্থিত থাকি উক্ত বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন কৰে৷অনুষ্ঠানটোত উৎপল শৰ্মা আৰু শংকৰজ্যোতি বৰুৱাই কয় যে- পাঁছ শ্বহীদক চূড়ান্ত অৱমাননা কৰিছে, ‘কা’ অন্যায়ভাৱে জাপি দিছে৷ড° সমুজ্জ্বল ভট্টাচাৰ্যই মত প্ৰকাশ কৰি কয় যে কোনেও অসম চুক্তি ৰূপায়ণৰে সমস্যা সমাধান নকৰিলে।অসমৰ ২৭ খন জিলাত কা’ প্ৰযোজ্য হ’ল,লগতে মুখ্যমন্ত্ৰীৰ বক্তব্যক ধিক্কাৰ আৰু গৰিহণা দিয়ে।