সদৌ অসম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন

সদৌ অসম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম ছাত্ৰ সন্থাই আজি ভিত্তবৰ্ষ ১৯৭১ হিচাপে উচ্চতম ন্যায়ালয়ে দিয়া ঐতিহাসিক ৰায়দানক সন্মান জনাই উজান বজাৰস্থিত শ্বহীদ ন্যাসত ৮৫৫ জন শ্বহীদক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে৷ দিল্লীৰ পৰা পোনে পোনে আহি অনুষ্ঠানত অংশ কৰে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য,সভাপতি উৎপল শৰ্মা,ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হান্সেই৷তাৰ পাছতে শ্বহীদ ন্যাসত জয় আই অসম ধব্নি দি শতাধিক আছু সদস্যই আদৰি আনে তিনিও গৰাকীক।আজিৰ বন্তি প্ৰজ্বলন অনুষ্ঠানত প্ৰায় ১২৫ জন মান আছুৰ সদস্য-সদস্যাই উপস্থিত থাকে। ইয়াৰ পিছতে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ড° সমুজ্বল ভট্টাচাৰ্য, উৎপল শৰ্মা, চৰ্জুন হান্সে কয় যে- অসম চুক্তি ৰূপায়নৰ ৩০ বছৰৰ পিছত এচামে অসম চুক্তিত থকা বিদেশী বিতাৰণৰ চন তাৰিখ সলাবলৈ চেষ্টা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল৷কিন্তু ১২ বছৰৰ ন্যায়িক যুঁজৰ পিছত ন্যায়ালয়ে প্ৰমাণ কৰিলে কালি অসম চুক্তিৰ যুক্তি যুক্ততা আছে আৰু থাকিব ৷ ন্যায়ালয়ে সিদ্ধান্ত দিলে এতিয়া দায়িত্ব চৰকাৰৰ৷বিদেশী খেদিম বুলি কৈ দুয়োখন চৰকাৰ হাত সাৱতি বহি থাকিলে নহ’ব। সময় অনুসৰী কৰ্মসূচী সাজু কৰি বিদেশী বিতাৰণৰ ব্যৱস্থা কৰক চৰকাৰে৷এটা ভাল পদক্ষেপ, উচ্চতম ন্যায়ালয়ে এইবাৰ তদাৰক কৰিব বিদেশী খেদিবৰ বাবে চৰকাৰে কি কি পৰিকল্পনা হাতত লৈছে৷অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন কৰা হ’লে আজি অসমে বিদেশীৰ বাবে চিন্তা কৰিবলগা নহয় ৷ চৰকাৰে NRC ৰ কথা কৈ দম্ভালি মাৰি থাকিলেই নহ’ব। এতিয়া দায়িত্ব উচ্চতম ন্যায়ালয়ত চৰকাৰে শপতনামা দাখিল কৰি NRC ৰ পুনৰীক্ষণৰ ব্যৱস্থা কৰক ৷ অৰুণাচলত নতুন নদীবান্ধৰ অনুমোদন সন্দৰ্ভত-আমি উন্নয়ন বিৰোধী নহয়, কিন্তু বৃহৎ নদীবান্ধ বিৰোধী৷চৰকাৰে যিমানে লুক ইষ্ট পলিচি সলাই এক্ট ইষ্ট পলিচি কৰক দিল্লীৰ চকু উত্তৰ পূবৰ সম্পদ সমূহৰ ওপৰতেই পৰি থাকিব৷উত্তৰ পূবৰ সম্পদ সমূহহে দিল্লীৰ বাবে ৰাষ্ট্ৰীয় সম্পদ, উত্তৰ পূবৰ আমাৰ সমস্যাবোৰ ৰাষ্ট্ৰীয় নহয়৷অসমক ধ্বংস কৰিব পৰা নদীবান্ধ মানি লোৱা নহ’ব৷