সত্য প্ৰেম
এছ ইছলাম, শিক্ষক
পঃ মইনবৰী, বৰপেটা
ওঠৰ বছৰীয়া গাভৰু ৰমলা। বিধিৰ বিপাকে তাইৰ চল্লিশ বছৰীয়া ৰতনৰ লগত বিয়া হ’ল।তাইৰ মনোবল বৰ দূৰ্বল। পঁচিছ বছৰীয়া যুবকক তাই বৰ ভাল পায়। ভাল পোৱাৰ কথাও। সংসাৰৰ সকলো কাম-কাজ কৰে;কিন্তু এতিয়ালৈকে ফুলশয্যা কৰা নাই।
ৰতনে সকলো বুজি পায়;কিন্তু একো নকয়।এদিন নিশ্চয় বুজি পাব,নিশ্চয় ভাল হ’ব তাই।
এদিন ৰাতি ৰতনে টোপনিৰ ভাও ধৰিছে।
ৰমলাই যুৱকজনক ফোন কৰি ক’লে,–
“ক’ত আছা তুমি ? মই ৰেডি হৈছোঁ, তুমি আহি মোক লৈ যোৱা। “
যুৱকজনে ক’লে,—“সুদা হাতে নাহিবি,টকা-পইচাও লগত লৈ আহিবি, নহ’লে নাহিবি?”
” নাই নাই, মানুহজনক এৰি থৈ যাম আৰু তাৰ টকা-পইচাও লৈ যাম, এইটো সম্ভৱ নহয়।”
ৰমলাই যুৱকজনৰ অন্তৰৰ কথা বুজি পালে।
তাই টালি-টোপোলা থৈ ৰতনৰ ওচৰত মনে মনে শুই থাকিল।