সত্য – অহিংসাৰ পথেৰে স্বাধীনতা
জ্যোতি খাটনিয়াৰ
মানুহে মুক্তিৰ সপোন দেখে। পৰাধীনতাৰ গ্লানি কোনো সতৰ্ক , সচেতন আৰু বিবেকবান মানুহে সহ্য কৰিব নোৱাৰে। ইয়াৰ পৰা তেওঁ আঁতৰিব খোজে। সংকীৰ্ণ মনোভাৱ আৰু ব্যক্তিগত স্বাৰ্থৰ দ্বাৰা পৰিচালিত ব্যক্তিয়ে মুক্তি অভিমুখী নিজৰ যাত্ৰাত সফল হলেই সন্তুষ্ট হয়। এওঁলোকৰ বাবে ব্যক্তিগত সিদ্ধিয়েই শেষ কথা। এইসকল লোকক অতি সীমিত অৰ্থত হে প্ৰেৰণাৰ উৎস বুলি ভাবিব পাৰি। সামগ্ৰিকতাৰ দৰ্শন বা তেনেকুৱা চিন্তাৰ পৰিমণ্ডল এওঁলোকৰ কামৰ মাজত দেখা নাযায়। ইয়াৰ বিপৰীতে আন এমুঠি লোকে সামূহিক কল্যাণৰ বাবে বিশেষ সাধনাত নিমগ্ন হয়। ভাৰতীয় চিন্তাই এনে সাধনাক ‘ তপস্যা ‘ বুলি ক’ব খোজে। পাশ্চাত্য চিন্তাত ই মোটামোটি ভাৱে হ’ব নিৰাসক্ত জ্ঞান সাধনাৰ লেখীয়া। ভাৰতীয় চিন্তা আৰু পৰিমণ্ডলৰ পৰিপ্ৰেক্ষিতত যিকেইজন লোকৰ উমৈহতীয়া কল্যাণ আৰু মুক্তিৰ সপোন সাকাৰ কৰাৰ ক্ষেত্ৰত নাম ল’ব পাৰি তাৰ ভিতৰত আধুনিক সময়ত মহাত্মা গান্ধীৰ নাম প্ৰথমে মনলৈ আহে। ঈশ্বৰেই সত্য আৰু এই সত্যত অবিচল আস্থা ৰাখি আগুৱাই যোৱাই মুক্তি সন্ধানী মানুহৰ দেখুওৱা একমাত্ৰ বাট। গান্ধীৰ মতে অতি স্পষ্ট : ” গান্ধীবাদ বুলি কোনো কথা নাই। পাহাৰ আৰু পৰ্বতৰ দৰেই সত্য আৰু অহিংসা পুৰণি।” এই যাত্ৰাত ভুল ত্ৰুটি হ’ব পাৰে ; কিন্তু এই যাত্ৰাই মানুহক নিতৌ নতুন কথা শিকাই যায়। গান্ধীৰ চিন্তা আছিল পোনপটীয়া কিন্তু অতি অনমনীয় ( উৎস : টেগোৰ -গান্ধী কনট্ৰোভাৰ্ছি: শিৱনাৰায়ণ ৰায় : ১৯৬৯)। ভাৰতীয় চিন্তা আৰু কৰ্ম পদ্ধতিৰ মাজেৰে বিশ্ব মানৱৰ হকে জীৱনৰ অৰ্থক নতুন ধৰণেৰে সজাই পৰাই চাব পৰা সজুঁলি যোগান ধৰা আন কেইগৰাকী ব্যক্তি হ’ল গৌতম বুদ্ধ , মহান সম্ৰাট ‘দেৱানংপিয় পিয়দসি’ অশোক, মহামতি ভক্তি কবিৰ, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। মহাত্মা গান্ধী আৰু এই পাঁচজন মানুহৰ চিন্তাত কোনো মৌলিক পাৰ্থক্য নাই। প্ৰত্যেকৰে বাবেই ঈশ্বৰেই একমাত্ৰ সত্য আৰু ইয়াৰ বাহিৰে কোনো কথাৰ অস্তিত্ব নাই। গৌতম বুদ্ধই সংসাৰ চক্ৰৰ চাৰি আৰ্য সত্যৰ যোগেদি মানৱ আত্মাৰ মুক্তিৰ সন্ধান কৰিছে। সম্ৰাট অশোকে দয়া, ক্ষমা , সহনশীলতা আৰু বিভিন্ন ধৰ্মীয় চিন্তাৰ মাজত সমন্বয়ৰ কথাৰে সামাজিক নীতি গঢ়িব খুজিছে। ভক্ত কবিৰে সমতাৰ ধাৰণাৰে সমাজত সকলোৰে বাবে ভক্তিৰ নিৰন্তৰ প্ৰবাহ বোৱাই দিব খুজিছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে হৰিনাম ৰসে, প্ৰেমৰ অমৃত নদীৰে মানুহক মুক্তিৰ পথ দেখুৱাইছে। ৰবীন্দ্ৰনাথে আনন্দ আৰু পোহৰৰ বন্দনাৰে ( আলো আমাৰ আলো ওগো আলো ভূৱন ভৰা) পৰম সত্তাক উপনিষদৰ ঋষিৰ দৃষ্টিৰে চাইছে। প্ৰতিজনেই সত্যৰ আলোকত আৰু প্ৰেমৰ পৰিমণ্ডলত ঈশ্বৰক স্থাপন কৰিছে। এই প্ৰেমৰ প্ৰকৃতি গান্ধীৰ বাবে অতি স্পষ্ট। বাইবেলৰ অধ্যয়নৰ পৰা তেওঁৰ এই ধাৰণা শক্তিশালী হৈছে। খ্ৰীষ্টান ধৰ্মাৱলম্বী সকলে ক’ব খোজে যে যুক্তি আৰু বিশ্বাসৰ মাজত কোনো সংঘাত নাই। যদিহে কোনো সংঘাত থাকে, তেনেহলে হয় মানুহজনৰ বিশ্বাস পৰ্যাপ্ত নহয়, নহ’লে যুক্তিৰ প্ৰয়োগত খেলিমেলি হৈছে ( দ্ৰষ্টব্য : ৰোমান কেথলিছিজিম : ছেবাস্তিয়ান বালো : ১৯৬৫: পৃ. ২৬৭) । গান্ধীয়ে সম্পূৰ্ণ নিকা ভাষাত কৈছে যে ঈশ্বৰক সত্যৰূপে চাব খুজিলে একমাত্ৰ উপায়টো হৈছে প্ৰেম। অৰ্থাৎ, অহিংসা। যিকোনো ব্যক্তিয়ে মুক্তিৰ পথত আগুৱাই যাব খুজিলে অহিংসাত অবিচল আস্থা থাকিব লাগিব। মানুহৰ বিবৰ্তন প্ৰক্ৰিয়াই প্ৰতিজনৰ বাবে সত্যক টুকুৰা টুকুৰ কৰি পেলাইছে। বিজ্ঞানৰ জগতত পৰীক্ষাৰ যেনেকৈ নিয়ম আছে , তেনেকৈয়ে মানুহৰ আধ্যাত্মিক জগততো প্ৰতিটো পৰীক্ষাৰ নিয়ম থাকে। এনে কেইবাটাও নিয়ম মানুহৰ বাবে গান্ধীয়ে ঠিক কৰি দিছে। ইয়াৰে কেইটামান হল সত্যত অবিচল আস্থা ;নিজকে বিশুদ্ধ কৰি ৰখাৰ সংকল্প; নূন্যতম সা – সামগ্ৰীৰে জীৱনটো কটাই নিয়াৰ সংকল্প; আৰু দৰিদ্ৰতাক বৰণ কৰি লোৱাৰ মানসিক ক্ষমতা। এই দৰিদ্ৰতাৰ স্বৰূপ অলপ বেলেগ। এই দৰিদ্ৰতা মানে অনাহাৰত মৃত্যু নহয়। এই দৰিদ্ৰতা মানে পুঁজিবাদত সন্নিবিষ্ট প্ৰতিযোগিতা ( competition) আৰু লোভ বা খক ( greed) ৰ পৰা নিজকে মুক্ত কৰি ৰখা। অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ভোক আৰু খকৰ মাজৰ পাৰ্থক্য আঙুলিয়াই দিছে। তেওঁ কৈছে যে খকৰ পৰাহে পুঁজিবাদৰ উৎপত্তি। প্ৰবৃত্তিৰ আতিশয্যৰ আন নাম খক ( দ্ৰষ্টব্য : অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনাৱলী : পৃ: ৬৯৯)। এই পাৰ্থক্যই গান্ধীবাদী অৰ্থনীতিৰ মূল কথা। গান্ধীজীয়ে ভোকক অস্বীকাৰ কৰা নাই। কিন্তু খকৰ পৰা মানুহ মুক্ত হৈ থকাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব দিছে। তেওঁ লক্ষ্য কৰিছে যে পুঁজিবাদী ব্যৱস্থাত মানুহৰ আত্মা খকৰ ফাললৈ আগবাঢ়ে। খকৰ পৰা আঁতৰি থকাৰ বাবে মানুহক এক নৈতিক আধাৰ ( moral foundation) ৰ প্ৰয়োজন হয়। অহিংসাই সেই নৈতিক আধাৰ আমাৰ বাবে যোগান ধৰিব পাৰে। অহিংসাৰ লগত ওত প্ৰোতভাৱে জড়িত হৈ থকা কথাটো হল অসহযোগ। হিংসাৰ লেশমানো কথা বতৰা অহিংসাত বিশ্বাসী লোকৰ থাকিব নোৱাৰে। অহিংসাৰ দুটা ৰূপ আছে । এটা ভৌতিক । আনটো হ’ল মানসিক। ভৌতিক হিংসা অৰ্থাৎ যুঁজ – বাগৰ , কাজিয়া – পেচাল ৰাষ্ট্ৰই আইন কৰি বন্ধ কৰি দিব পাৰে। অশোকৰ দৰে একছত্ৰী সম্ৰাটে নিমিষতে যুদ্ধ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। কিন্তু মানসিক হিংসা, যাৰ এটা ৰূপ হ’ল ঘৃণা ( hatred) ৰ পৰা মনক মুক্ত কৰা সহজ নহয়। সম্ৰাট অশোকৰ শিলালিপিবোৰে মানুহৰ মনক কুপ্ৰবৃত্তি , হিংসা, দ্বেষ , ঘৃণা আদিৰ পৰা মুক্ত কৰাৰ এক প্ৰচেষ্টা। অশোকৰ অনুশাসন মালাবোৰৰ উদ্দেশ্যই হ’ল মনক সুস্থিৰ কৰি ৰাখি ইয়াক সকলো অপকৰ্মৰ পৰা নিলগত ৰখা। অশোকে তেৰ নং কালছী অনুশাসনত স্পষ্ট কৰি দিছে যে প্ৰিয়দৰ্শি ৰজা জনাই সকলোৰে বাবে মংগল, সংযম, সমব্যৱহাৰ আৰু আনন্দ কামনা কৰে। মহাত্মা গান্ধীয়ে ভাৰতীয় স্বাধীনতা আন্দোলনক অশোকৰ এই চাৰিটা আদৰ্শৰ মাজেৰে আগুৱাই নিছিল বুলি ভাবিবৰ থল আছে। অহিংসা আৰু মংগলৰ ধাৰণাৰ বাবেই গান্ধীয়ে তেওঁ চৌৰী চৌৰাৰ ঘটনা(৪ ফেব্ৰুৱাৰী, ১৯২২)ৰ পাছত হঠাতে অসহযোগ আন্দোলন বন্ধ কৰি দিয়ে। বাংলাদেশৰ শেহতীয়া ঘটনা, পাকিস্তান, ম্যানমাৰৰ ৰাজনৈতিক পৰিবেশ আদিয়ে আমাক ৰাজহুৱা জীৱনত হিংসাৰ ভয়ংকৰ পৰিণতিৰ বিষয়ে যিকোনো সময়ত আমাক সোঁৱৰাই দিব পাৰে। অসহযোগ আন্দোলনৰ মূল দৰ্শনটো আছিল অহিংসাৰ ওপৰত প্ৰতিস্থিত। একেদৰে অহিংসাৰ যোগেদি বৃটিছ শক্তি তথা সাম্ৰাজ্যবাদক বিৰোধিতা কৰিলে ইয়াৰ গতিপথ অসহযোগৰ দ্বাৰা পৰিচালিত হ’ব লাগিব। অহিংসা আৰু অসহযোগ যেতিয়া একেলগে থিয় হ’ব, তেতিয়া জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই বিৰোধী শক্তিক বৰ্জন কৰিব লাগিব। এই বৰ্জন জীৱন নিৰ্বাহৰ প্ৰণালী ( mode of living) ৰ সৈতে জড়িত হৈ পৰিব। সেই বাবে পিন্ধা- উৰা, শিক্ষা- দীক্ষা , বিভিন্ন অৰ্থনৈতিক ক্ষেত্ৰ আদিত সমগ্ৰ ভাৰতবাসীৰ বাবে নতুন চিন্তাৰ প্ৰয়োজন হব। সেই চিন্তাই ব্যক্তিগত আৰু সামাজিক – দুয়োটা কথাক চুই যাব। সেইবাবে গান্ধীয়ে উকীল সকলক বৃটিছে প্ৰতিষ্ঠা কৰা আদালত বৰ্জন কৰিব কৈছিল। তেনে কৰাৰ লগে লগে বৃটিছ শাসনৰ মূল কাঠামোটো ভাঙি যাব। বিদেশী বস্ত্ৰ বৰ্জন কৰাৰ লগে লগে অৰ্থনৈতিক দাসত্বৰ ওৰ পৰিব। যঁতৰৰ ব্যৱহাৰৰ লগে লগে অৰ্থনৈতিক স্বাধীনতাৰ বাট মুকলি হব। বিদেশী শিক্ষা বৰ্জন কৰাৰ লগে লগে সাম্ৰাজ্যবাদী বৃটিছ শক্তিয়ে কাকো মানসিক দাসত্বৰ ফালে ঠেলি দিব নোৱাৰিব। মানুহৰ মন হ’ব শক্তিশালী। তেতিয়াহে সত্যৰ সন্ধানত আগ্ৰহী ব্যক্তি সমাজত গঢ়ি উঠিব। গান্ধীৰ এটা প্ৰসিদ্ধ উক্তি হ’ল : ” A weak minded man can never be a Satyagrahi. ” ঔপনিৱেশিক শিক্ষা পদ্ধতিয়ে মানুহৰ মন দুৰ্বল কৰে। এই দুৰ্বলতা স্বাধীনতাৰ প্ৰধান শত্ৰু।
ইতিহাসৰ অধ্যয়নে দেখুৱাই যে মহৎ চিন্তা সদায়ে পৰীক্ষা আৰু সমালোচনাৰ সন্মুখীন হয়। মহাত্মাৰ ক্ষেত্ৰত এই সমালোচনা আহিছিল আন এক অতুলনীয় প্ৰতিভা ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা। ৰবীন্দ্ৰনাথ ঠাকুৰে গান্ধীৰ মূল কৰ্মপদ্ধতিটোকেই সমালোচনা কৰিছিল। গান্ধীৰ যি নিয়মানুৱৰ্তিতা ( discipline) ৰ ধাৰণা , সেয়া ৰবীন্দ্ৰনাথৰ বাবে গ্ৰহণযোগ্য নহয়। ৰবীন্দ্ৰনাথৰ মতে গান্ধীৰ নিয়মানুৱৰ্তিতাৰ কঠোৰতাই ব্যক্তিৰ বিকাশক বাধাগ্ৰস্ত কৰিব পাৰে। একেদৰে ৰবীন্দ্ৰনাথে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰা আৰু বিদেশী বস্ত্ৰ দাহ কৰা দুয়োটা কামেই গ্ৰহণযোগ্য বুলি ভবা নাছিল ( দ্ৰষ্টব্য : দ্য মহাত্মা এণ্ড দ্য প’য়েট: সম্পাদনা: সব্যসাচী ভট্টাচাৰ্য : এন বি টি)।
যোৱা ২৮ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত ২০ নং ব্ৰজমোহন শৰ্মা স্মাৰক বাৰ্ষিক বক্তৃতাত বুৰঞ্জীবিদ ৰুদ্ৰাংশু মুখাৰ্জীয়ে গান্ধী আৰু ৰবীন্দ্ৰনাথৰ বিতৰ্ক আৰু ভাৱনাৰ সৈতে জড়িত হৈ থকা সহিষ্ণুতা আৰু গণতান্ত্ৰিক ভাৱনাক বিতংকৈ উল্লেখ কৰিছে। বহুদিনৰ মূৰত ৰাজ্যখনৰ বৌদ্ধিক জগতত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰা এই বক্তৃতাৰ বাতাবৰণ আছিল অতি উৎসাহজনক। ৰুদ্ৰাংশু মুখাৰ্জীয়ে দুয়োগৰাকী মহৎ প্ৰতিভাৰ মাজত থকা নিয়মানুবৰ্তিতা সম্পৰ্কীয় ধাৰণাৰ পাৰ্থক্যক আঙুলিয়াই দিছিল। কিন্তু তেওঁ ইয়াৰ মৌলিক কাৰণক ফঁহিয়াই চাব খোজা নাছিল। পৰৱৰ্তী সময়ত এই সম্পৰ্কত মোক কিছু কথা আঙুলিয়াই দিছিল অনুষ্ঠানটোত শ্ৰোতা ৰূপে থকা তীক্ষ্ণধী ব্যক্তি উত্তম কুমাৰ বৰঠাকুৰে। দৰাচলতে গান্ধীয়ে এক বিৰাট জনজাগৰণক অহিংস পদ্ধতিৰে আগুৱাই নিয়াৰ দায়িত্বক বহন কৰিব লগীয়া হৈছিল। নৈতিক শক্তি আৰু কেইটামান প্ৰমূল্যৰ বাহিৰে গান্ধীৰ হাতত বিশেষ কোনো সা -সজুঁলি নাছিল। সেইবাবে এই শৃংখলাক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ দায়িত্ব গান্ধীয়ে বহন কৰিব লগাত পৰিছিল। উল্লেখ কৰিব পাৰি যে ১৯৪২ চনৰ গণবিপ্লৱৰ আগে আগে গান্ধীয়ে বহু লোকক ব্যক্তিগত সত্যাগ্ৰহৰ প্ৰশিক্ষণ দিছিল যাতে শীৰ্ষ নেতৃত্ব বৃটিছৰ দ্বাৰা কাৰাৰুদ্ধ হলেও আন্দোলনৰ পদ্ধতি আৰু লক্ষ্যত কোনো বিচ্যুতি নঘটে। আনহাতে ৰবীন্দ্ৰনাথৰ জীৱনত এনে বিশাল আয়োজনৰ কোনো প্ৰয়োজন নাছিল। তেওঁৰ বিচৰণ ক্ষেত্ৰ আছিল উপনিষদত বৰ্ণিত আনন্দৰ ধাৰণাৰে মানুহক সীমাহীন ত্ৰুটি বিচ্যুতি আৰু দুখ কষ্টৰ পৰা মুক্ত কৰাটো। তাত গণআন্দোলন পৰিচালনাৰ বাবে প্ৰয়োজনীয় নিয়ন্ত্ৰণৰ কোনো কথা নাই। মহাত্মাই যদি পাৰ্থিৱ জগতত ব্যক্তিৰ অস্তিত্ব আৰু অধিকাৰক সাব্যস্ত কৰিব খুজিছে, তাৰ বিপৰীতে গুৰুদেৱ ৰবীন্দ্ৰনাথে অপাৰ্থিৱ জগত অভিমুখে মানৱ আত্মাৰ মুক্তিৰ সন্ধান কৰিছে। ক’ব পাৰি যে, অকল নিয়ন্ত্ৰণেই নহয়, দুয়োজনৰ বাবে মুক্তিৰ ধাৰণাও বেলেগ বেলেগ হ’ব। কাৰণ যি দাসত্বৰ পৰা মুক্তি দুয়োজন মানুহে বিচাৰিছে, সেই দাসত্বৰ ধাৰণা দুয়োজনৰ বাবে পৃথক পৃথক। গান্ধীৰ দৃষ্টিত স্বাধীনতা সুনিয়ন্ত্ৰিত অনুশীলনৰ দ্বাৰাহে ব্যক্তি আৰু সমাজৰ জীৱনলৈ আহে। ৰবীন্দ্ৰনাথে একেবাৰতে মানুহক অতীন্দ্রিয় অনুভূতিৰ আলোকেৰে উজ্জীৱিত কৰি তুলিব খোজে। মহাত্মা গান্ধীয়ে বিকল্প পদ্ধতি প্ৰস্তুত কৰে ; ৰবীন্দ্ৰনাথে তেওঁৰ হাতত থকা পদ্ধতিৰেই সামৰি -সুতৰি, ঘঁহি -মাজি সকলোকে আনন্দৰ মাজলৈ আগুৱাই লৈ যাব খোজে। মনত ৰখাৰ দৰকাৰ যে উপযুক্ত গণতান্ত্ৰিক পৰিবেশ নহ’লে ব্যক্তিয়ে স্বাধীনতাৰ সোৱাদ লোৱা কঠিন।