সতী সাধনী
দিপ্তী মনি গোস্বামী, লখিমপুৰ
সোণোৱালী আখৰেৰে ইতিহাস গঢ়ি যোৱা
নাৰী শক্তি বীৰাঙ্গণাৰ পাতনি তুমি
তুমি ৰাণী সতী সাধনী ।
নীতাইৰ অৱসানত প্ৰমাদ নগণি
টংকাৰ টানিলা তুমি ,
শত্ৰু পক্ষৰ বহুতক কৰিলা নিপাত
সাহসেৰে খুচি হানি ।
শত্ৰু পক্ষই কৰিছিল আহ্বান
কুবেৰৰ প্ৰদত্ত ঢাল তৰোৱাল সহ
সোণৰ মেকুৰী লৈ
কৰা আত্ম সমৰ্পন
দিম তোমাৰ জীৱন দান ।
স্বনামধন্য সুভাষ বসু দেৱৰ ভাষাৰে
দাসত্ব খতত চহী কৰাতকৈ মৃত্যুয়েই শ্ৰেয়ঃ
সেই একেই হৃদয়ৰ আহ্বান
তুমিও কৰিলা গ্ৰহণ ।
ঈশ্বৰ প্ৰদত্ত সম্পত্তি বুকুত বান্ধি
চন্দনগিৰিত ঈশ্বৰক প্ৰণাম কৰি
নদী মাতৃৰ বুকুত
আত্মদেহ দিলা বিসৰ্জন ।
অক্ষুন্ন হৈ ৰ’ল জাতিৰ গৌৰৱ
সতীত্ব ৰক্ষাৰ সুৰক্ষিত চানেকীৰে
জিলিকি থাকিলা তুমি হৈ মহীয়ান
সেয়ে আজি তোমাৰ উত্তৰ পুৰুষে
গায় তোমাৰ জয়গান ।।