সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ হ’ল জিএছএলভি-এফ১৫
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চমুকৈ ইছৰোই অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশকেন্দ্ৰৰ পৰা ১০০ সংখ্যক ৰকেট সফলতাৰে উৎক্ষেপণ কৰি ইতিহাস ৰচনা কৰিলে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চমুকৈ ইছৰোই বুধবাৰে পুৱা ৬.২৩ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এনভিএছ-০২ কঢ়িয়াই অনা জিএছএলভি-এফ১৫(GSLV-F15) সফলতাৰে উৎক্ষেপণ কৰে ।উল্লেখ্য যে, জিঅ’ছিঙ্কোনাছ চেটেলাইট লঞ্চ ভেহিকেল বা জি এছ এল ভি এফ-১৫ হ’ল দেশীয় ক্ৰায়োজেনিক্স প্ৰযুক্তিৰে তৈয়াৰ কৰা এক ত্ৰিস্তৰীয় ৰকেট। এই এন ভি এছ-০২ চেটেলাইটৰ ওজন প্ৰায় ২২৫০ কেজি। মাত্ৰ ১৯ মিনিটতে এই চেটেলাইটক জিঅ’ছিঙ্কোনাছ ট্ৰান্সফাৰ অৰবিট (জিটিঅ’) বা স্থায়ী কক্ষপথত উপনীত কৰিবলৈ সক্ষম হয় জি এছ এল ভি এফ-১৫ ৰকেটে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও একাধিকবাৰে জি এছ এল ভি এফ-১৫ উৎক্ষেপণ কৰিছে ইছৰোৱে। কিন্তু এই ক্ষেত্ৰত সাফলতাতকৈ বিফলতাৰ সংখ্যা বেছি। এনে ১৬ টা উৎক্ষেপণৰ ভিতৰত এই পৰ্যন্ত ৬ টা অভিযানেই ব্যৰ্থ হৈছে। শতকৰা হিচাপত এই সংখ্যা ৩৭ শতাংশ। ইছৰোৰ এই অভিযানৰ সফলতা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয়, “শ্ৰীহৰিকোটাৰ পৰা ১০০ সংখ্যক উৎক্ষেপণৰ ঐতিহাসিক কৃতিত্ব অৰ্জন কৰাৰ বাবে ইছৰ’ক অভিনন্দন । অভিলেখ সৃষ্টিৰ এই ঐতিহাসিক মুহূৰ্তত মহাকাশ বিভাগৰ সৈতে জড়িত হোৱাটো এক সৌভাগ্যৰ কথা । Team ISRO ই GSLV-F15 / NVS-02 mission ৰ সফল উৎক্ষেপণেৰে পুনৰবাৰ ভাৰতক গৌৰৱান্বিত কৰিছে ।”