সংহতি নে সমীকৰণ?
বিশাল বৰা, নগাঁও
গুচি যাম বুলি কোৱাতো অভিমান আছিল…….
তেওঁ মোৰ অভিমাননী মনটো নুবুজিলে
জেদ বুলি ভাবিয়েই চাগৈ থাকি যাবলৈ যোৰ নকৰিলে!!
-যাওঁ বুলিয়েইতো গুচি যোৱা প্রতিবাৰ!!
তোমাৰ হৃদয়ৰ মুক্ত পথেৰে…
-থাকি যোৱা বুলি কৈছোঁ
কিন্তু সেইয়া নিৰ্থক……
-গুৰুত্ব যোৰ কৰি পাব নোৱাৰি…..
কিন্তু!
কেতিয়াবা অধিকাৰ আছে বুলিয়েই ভাবিবাচোন!!
গুচি যোৱা আৰু উভতি অহাৰ মাজত থাকে এখন মৰিশালি !
আমি মৰিবলৈ যাওঁ আৰু আধা মৰা হৈ ঘুৰি আহোঁ প্ৰতিবাৰ!!
-প্রতিবাদ অবিহনে প্রাপ্তি?
-পাবলৈ কোনে প্রতিবাদ কৰে?
-মই আৰু মোৰ দৰে বহু ৰিক্ত মানুহে!!
-সংহতি নে সমীকৰণ?
-এ প্লাছ বি হ’ল স্কুৱেৰ…
প্ৰণৱ দাই কৈছে —
“মই দৰিকণা ধৰিবলৈ বৰশী নাবাও…
তোমাৰ দুখৰ পোছাক ধুবলৈ মই ধোবা হ’ম!!”
তোমাৰ দুখৰ পোছাক ধুবলৈ মই ধোবা হ’ম!!”