সংবাদমেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী ৰিপুণ বৰাৰ

সংবাদমেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী ৰিপুণ বৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বাল্য বিবাহ সন্দৰ্ভত গ্ৰহণ কৰা অমানৱীয় পদক্ষেপৰ বাবে অসম আৰক্ষীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ককৰ্থনা আৰু দিল্লী আৰু মুম্বাইস্হিত বিবিচি কাৰ্যালয়ত তালাচী সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে সভাপতি ৰিপুণ বৰাই।কোনো নীতি নিয়ম নোহোৱাকৈ বাল্য বিবাহৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ পৰিয়ালসমূহত প্ৰলয় সৃষ্টি কৰা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীযক কৰা ককৰ্থনা আৰু ভৰ্ৎসনাৰ প্ৰসংগ উত্থাপন কৰি সভাপতি ৰিপুণ বৰাই মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত মুখৰ হৈ পৰে। বৰাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে৷সভাপতি ৰিপুণ বৰাই কয়,’বাল্য বিবাহৰ সন্দৰ্ভত অসম আৰক্ষীয়ে গ্ৰহণ কৰা নীতি নিয়মহীন ব্যৱস্থাক সন্মানীয় উচ্চ ন্যায়ালয়ে ককৰ্থনা আৰু ভৰ্ৎসনা কৰাৰ বিষয়ে আমি সকলোৱে অৱগত হৈছো। ন্যায়ালয়ে অসম আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাই পৰিয়ালসমূহত প্ৰলয়ৰ সৃষ্টি কৰিছে বুলি স্পষ্ট ভাৱে উল্লেখ কৰিছে। অসম আৰক্ষীয়ে পকছো (POCSO: Protection of Child from sexual offence) আইনৰ অধীনত বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো অৰ্থহীন। ১৩ বছৰৰ তলৰ শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰতহে পকছো আইন প্ৰযোজ্য হয়। এই ক্ষেত্ৰত কোনো যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হোৱা নাই বুলি ন্যায়ালয়ে উল্লেখ কৰিছে।পৰিয়ালসমূহক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা জগৰীয়া। তেওঁৰ নিৰ্দেশক্ৰমেহে আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ড° হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে।আনহাতে বিগত সময়ছোৱাত কেইবাটাও ক্ষেত্ৰত অসম আৰক্ষী উচ্চ ন্যায়ালয়ৰ ককৰ্থনাৰ সন্মুখীন হৈ অহা আমি লক্ষ্য কৰিছো। বটদ্ৰৱা থানা জ্বলাই দিয়া কাণ্ডত অভিযুক্তৰ ঘৰ বুলডজাৰেৰে ভাঙি দিয়া কাৰ্য, ভুৱা একাউণ্টাৰ আদি সন্দৰ্ভত অসম আৰক্ষীয়ে ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হ’বলগা হৈছে। এই সকলোবোৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু ইয়াৰ বাবে আইনৰ ওচৰত ড° শৰ্মা জবাবদিহি হ’বলগা হোৱা নাই। অসম আৰক্ষীহে জগৰীয়া হোৱাৰ লগতে তেওঁলোকৰ ভাৱমূৰ্তি নষ্ট হৈছে।বাল্য বিবাহৰ সন্দৰ্ভত অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে ৪ গৰাকীয়ে প্ৰাণ হেৰুৱাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকৰ জীৱন ঘূৰাই দিব পাৰিব নেকি? আৰক্ষী বিষয়া আৰু আমোলাসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰিবলৈ সকলো নিৰ্দেশ পালন কৰিবলৈ আগবাঢ়ব নালাগে। নীতি বহিৰ্ভূতভাৱে দিয়া নিৰ্দেশ পালন কৰিবলৈ তেওঁলোক বাধ্য নহয়।