সংগীত নাটক অকাদেমিৰ সচিব ৰাজু দাসৰ সম্বৰ্ধনা
ৰঙিলী বাৰ্ত্তাসেৱা- ২ মে’ৰ সন্ধিয়া ৬ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় য’ত গুৱাহাটীৰ সন্মিলিত সত্ৰীয়া শিল্পীয়ে একত্ৰিত হৈ সংগীত নাটক অকাদেমিৰ সচিব পদত নিযুক্তি লাভ কৰাৰ বাবে ৰাজু দাসক সম্বৰ্ধনা জনায়। সন্ধিয়াৰ আৰম্ভণিতে অৰুণাভ জ্যোতি মালাকাৰ, বিশ্বজিৎ বৰদলৈ, কংকন জ্যোতি শইকীয়াৰ খোল বাদন আৰু সংগ দিয়ে নিবিৰ শৰ্মা আৰু জুৰি দাসে। ইয়াৰ পাছতে সচিব ৰাজু দাসৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়াৰ অতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী যতীন গোস্বামী, ঘনকান্ত বৰা বৰবায়ন, ড০ প্ৰদীপ জ্যোতি মহন্ত,প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱা,বিশিষ্ট নাট পৰিচালক দুলাল ৰয়, বিপিন কুমাৰ সিং আৰু গোবিন্দ শইকীয়া।ৰঞ্জুমণি শইকীয়াই আদৰণি ভাষণেৰে অনুষ্ঠানটো অনুষ্ঠিত কৰে। ইয়াৰ পাছতে অনুষ্ঠানত সচিব ৰাজু দাসক গণ্যমান্য ব্যক্তিসকলে অংগ বস্ত্ৰ, পিতলৰ জাপি, কৃষ্ণ মুখা , প্ৰশস্তি পত্ৰ, ফুলৰ থোপা আৰু গামোচাৰে সম্বৰ্ধনা জনায়।উক্ত অনুষ্ঠানত ৰাজু দাসে নিজৰ চিন্তা ব্যক্ত কৰি নিজৰ নামৰ এনে সন্মান দেখি এক নষ্টালজিক আৰু আৱেগিক অৱস্থাত পৰিল। তেওঁ অকাদেমি ৰ পৰা আগন্তুক প্ৰচেষ্টাক লৈ ৰাইজক বিশ্বাস কৰাইছিল আৰু সত্ৰীয়া সংস্কৃতিক লৈ চিন্তা-চৰ্চা কৰিছিল। ইয়াৰ পাছতে গৌতম বায়ন, শশংকা কলিতা, প্ৰাংগোপাল দাস আৰু প্ৰসন্ত ৰাজখোৱাই বৰগীত পৰিৱেশন কৰে। বৰগীতৰ পাছত গুৱাহাটীৰ কেইজনমান নৃত্যশিল্পীয়ে গ্ৰুপ সত্ৰীয়া পৰিৱেশন কৰে যাৰ পিছত জলীমণি শইকীয়া আৰু সেউজপ্ৰিয়া বৰঠাকুৰে সমসাময়িক নৃত্য পৰিৱেশন কৰে।অনুষ্ঠানৰ অন্ত পৰে অনিতা শৰ্মাৰ ধন্যবাদ জ্ঞাপনেৰে৷