সংগীত নাটক অকাডেমীৰ সহযোগত মুকাক পাপেট থিয়েটাৰৰ “পুতলা নাচৰ কৰ্মশালা”

সংগীত নাটক অকাডেমীৰ সহযোগত মুকাক পাপেট থিয়েটাৰৰ “পুতলা নাচৰ কৰ্মশালা”

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ লোক কলা পুতলা নাচৰ ওপৰত ধ্ৰুৱ জ্যোতি কলিতা আৰু প্ৰণৱ জ্যোতি ৰাভাই প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহৰহ চেষ্টা কৰি আহিছে। বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহত পুতলা নাচৰ ওপৰত কৰ্মশাল, আলোচনা চক্ৰ আৰু পুতলা নাচ পৰিবেশন কৰি আহিছে। আজি ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী, দিল্লীৰ সহযোগত গুৱাহাটীৰ মুকাক পাপেট থিয়েটাৰে মৰিগাঁওৰ নেলী প্ৰাথমিক বিদ্যালয়ত দিন জোৰা কাৰ্য্যসূচীৰে পুতলা নাচৰ কৰ্মশালা অনুষ্ঠিত হৈ যায়। কৰ্মশালাত চাৰিজন অভিজ্ঞ শিল্পী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মা, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা যুৱ স্কলাৰশ্বিপ প্ৰাপ্ত প্ৰণৱ জ্যোতি ৰাভা, ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱী আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা যুৱ স্কলাৰশ্বিপ প্ৰাপ্ত ধ্ৰুৱ জ্যোতি কলিতাই প্ৰশিক্ষন প্ৰদান কৰে । তেওঁলোকক সহযোগিতা আগবঢ়ায় গণেশ বড়ো আৰু ভাৰত চৰকাৰৰ চি চি আৰ টিৰ পৰা স্কলাৰশ্বিপ হাৰ্দিক শৰ্মাই। কৰ্মশালাত লাঠী পুতলা, হাত পুতলা, ছাঁ পুতলা আৰু কাগজৰ পুতলা শিকোৱা হয়। কৰ্মশালাৰ শেষত শিক্ষাৰ্থী সকলে পুতলা নাচ পৰিবেশন কৰে। কৰ্মশালা উদ্ধোধন কৰে নেলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অস্মিনাৰা বেগমে। কৰ্মশালাত বহু সংখ্যক শিক্ষাৰ্থী অংশ গ্ৰহন কৰে। অসমৰ লোক কলাক গুৰুত্ব প্ৰদান কৰি অতি সুন্দৰভাৱে শিশু সকলে প্ৰশিক্ষণলৈ পুতলা নাচ পৰিৱেশন কৰিব পৰাটো অসমৰ বাবেই শুভ লক্ষণ। এইক্ষেত্ৰত মুকাক পাপেট থিয়েটাৰৰ বিষয়া ধ্ৰুৱ জ্যোতি কলিতা আৰু প্ৰণৱ জ্যোতি ৰাভা প্ৰসংশাৰ যোগ্য। এনে ধৰণৰ পদক্ষেপে অসমৰ লোক কলা প্ৰসাৰ আৰু প্ৰচাৰৰ সহায়ক হব।