ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ চাকৰিত থলুৱাৰ নিযুক্তি নিশ্চিত কৰাৰ স্বাৰ্থত শীঘ্ৰে ৰূপায়ন কৰক বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ পৰামৰ্শ
ষ্টেট বেংকৰ ৩৬০টা পদত বহিৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়াক লৈ অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া; সাংবিধানিক সুৰক্ষা নিশ্চিত কৰাৰ দাবী
ৰঙিলী বাৰ্ত্তাসেৱা- ঈশান কোণ’ৰ উন্নতিৰ শ্ল’গান দিয়া বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ শিক্ষিত নিবনুৱাসকলক মর্যাদাপূর্ণভারে সংস্থাপিত কৰাৰ পৰিবর্তে তেওঁলোকৰ হাতৰ পৰা বেংক, বিত্তীয় প্রতিষ্ঠান আদিৰ তৃতীয় বৰ্গৰ চাকৰিকেইটাও কাঢ়ি নিয়াৰ নীতি লোৱা বিষয়োটত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয় যে অসমৰ স্থানীয় যুৱক যুৱতীক বঞ্ছিত কৰি বহিৰাগত প্ৰাৰ্থীক চাকৰি দিয়াৰ বিজেপি দলৰ গোপন নীতিৰ বাবেই বিজেপি চৰকাৰে ন্যায়াধীশ (অৱঃ) বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনখন ৰূপায়ন কৰা নাই, এই কথা প্ৰমাণ হৈছে। কিয়নো বিপ্লৱ কুমাৰ শৰ্মা কমিটীয়ে ৮০ শতাংশ চৰকাৰী চাকৰি থলুৱাৰ বাবে সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছিল। উল্লেখযোগ্য যে ভাৰতীয় ষ্টেট বেংকে যোৱা এটা বছৰত উত্তৰ-পূৰ্বাঞ্চলক সামৰি লোৱা গুৱাহাটী চাৰ্কোলৰ ৬০০টা তৃতীয় বৰ্গৰ পদত ৬০ শতাংশ বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ তথ্য সম্প্ৰতি ৰাজহুৱা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰৰ এই প্ৰাৰ্থীসকলক ২০২৩-২৪ বৰ্ষত ভাৰতীয় ষ্টেট বেংকে অসমকে ধৰি অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰাৰ বিভিন্ন শাখাত মকৰল কৰিছে। ছশটা পদৰ ভিতৰত পশ্চিমবংগ, বিহাৰ, দিল্লী, ঝাৰখণ্ড আদি ৰাজ্যৰ ৩৬০ গৰাকী প্রার্থীক ষ্টেট বেংকে ‘জুনিয়ৰ এছ’চিয়েট’ হিচাপে নিযুক্তি দিছে। লক্ষণীয়ভাৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ষ্টেট বেংকৰ শাখাত যোগদান কৰা এইসকল প্রার্থীয়ে কেইবছৰমান চাকৰি কৰিয়েই নিজ নিজ ৰাজ্যলৈ বদলি হৈ যোৱাৰ ফলত পুনৰ খালী হৈ পৰাৰ তথ্যও ৰাজহুৱা হৈছে। । ফলত সামগ্রিকভাবে বিঘ্নিত হৈছে বেংকিং সেৱাও। প্ৰকাশিত তথ্য অনুসৰি, ২০২৩-২৪ বর্ষত ষ্টেট বেংকে গুৱাহাটী চাৰ্কোলৰ বাবে যি ৬০০টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিছিল, সেই পদসমূহৰ ভিতৰত পশ্চিমবংগৰ সৰ্বাধিক ২৯৪ গৰাকী প্রার্থীয়ে নিযুক্তি লাভ কৰিছে। নিযুক্তিৰ প্ৰথম তালিকাত পশ্চিমবংগৰ ২২৫ গৰাকী প্রার্থীয়ে নিযুক্তি পাইছিল। ইয়াৰ পিচত ‘ৱেইটিং লিষ্ট’ৰ পৰা নিযুক্তিৰ দ্বিতীয় তালিকাত পশ্চিমবংগৰ ৬৯ গৰাকী প্রার্থীয়ে লাভ কৰে নিযুক্তি। ইয়াৰ বিপৰীতে প্ৰথম তালিকাত অসমৰ ১৮৬ গৰাকী, অৰুণাচলৰ ৫ গৰাকী, মেঘালয়ৰ ২১ গৰাকী, মণিপুৰৰ ৩৪ গৰাকী, নাগালেণ্ডৰ ২৫ গৰাকী, মিজোৰামৰ ৬ গৰাকী আৰু ত্ৰিপুৰাৰ ৪৩ গৰাকী প্রার্থীয়েহে ষ্টেট বেংকৰ চাকৰিৰ বাবে বাছনিভুক্ত হয়। প্রথম নিযুক্তিৰ তালিকাত বিহাৰৰ ১৭ গৰাকী, দিল্লীৰ ১২ গৰাকী, ওড়িশাৰ ৫ গৰাকী, ৰাজস্থানৰ ২ গৰাকী, তেলেংগানাৰ ২ গৰাকী, উত্তৰ প্ৰদেশৰ এগৰাকী, ঝাৰখণ্ডৰ ৫ গৰাকী, হাৰিয়ানাৰ এগৰাকী, হিমাচলৰ এগৰাকী, কেৰালাৰ ৩ গৰাকী, মধ্যপ্ৰদেশৰ ৩ গৰাকী, মহাৰাষ্ট্ৰৰ ৩ গৰাকী প্রার্থীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত থকা ষ্টেট বেংকৰ শাখাসমূহত নিযুক্তি লাভ কৰিছে। আজি এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক ভূঞাই কয় যে একেই পদ্ধতিৰে অসমত থকা কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় অৰ্ধ চৰকাৰী চাকৰিসমূহৰ প্ৰায় আটাইখিনিতে অসমৰ বাহিৰৰ চাকৰি প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ফলত দশক দশক ধৰি ৰাজ্যখনৰ থলুৱা নিবনুৱাসকল বঞ্চিত হৈ আহিছে। আনকি অসম চৰকাৰৰ চাকৰিতো বহিৰাগত প্ৰাৰ্থীক নিযুক্ত হোৱাটো সহজ কৰি তুলিছে বিজেপিৰ চৰকাৰে। অথচ অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ পৰামৰ্শ দিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মা কমিটী গঠন কৰি দিছিল। উক্ত কমিটীয়ে থলুৱা (অসমীয়া)ৰ বাবে ৰাজ্য চৰকাৰৰ ৮০ শতাংশ চাকৰিত সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াই কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত অৰ্ধ চৰকাৰী সংস্থাসমূহৰ চাকৰিত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তনৰ পদক্ষেপ হাতত লবলৈ চৰকাৰক পৰামৰ্শ আগবঢ়াইছিল। কিন্তু কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপি দলৰ চৰকাৰ থকাৰ পাছতো তথা বিজেপিয়ে বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ ৰূপায়নৰ প্ৰতিশ্ৰুতি দিয়া স্বত্বেও উক্ত কাৰ্য্য সম্পাদন কৰা নাই। এয়া স্পষ্ট প্ৰতাৰণা বুলি উল্লেখ কৰি ভূঞাই অতি শীঘ্ৰে বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপায়ন কৰি থলুৱা নিবনুৱাসকলৰ সাংবিধানিক সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনায়।