ষ্টেটাছ
মুনিন্দ্ৰ বৈশ্য,ওদালগুৰি
বলিউডৰ এগৰাকী প্ৰখ্যাত অভিনেতা। ধন-সম্পত্তিৰ অভাৱ নাই, মান-যশ ৰৈ বৈ যোৱা বিধৰ। বাটত ওলালে তেওঁৰ এপলক দৰ্শন লাভ কৰিবলৈ মানুহে হেতা ওপৰা লগায়। অথচ তেওঁৰ নাই কোনো ভেম বা অহংকাৰ। নিজকে এজন বিখ্যাত চেলিব্ৰিটি বুলিও জহাই নুফুৰে। জীৱনশৈলীও তেনেই সাধাৰণ। সাজ-পোছাক সাধাৰণ, ঘৰ-দুৱাৰ সাধাৰণ, গাড়ী-গুড়াও সাধাৰণ। এখন ৱেগনাৰ গাড়ীত তেওঁ চলা ফুৰা কৰে। তাকে দেখি এদিন অনুগামী এজনে সুধিলে― “ছাৰ, আপোনাক বহুদিনৰ পৰা কথা এটা সুধিম বুলি ভাবি আছোঁ, কিন্তু ইমান দিনে সাহস গোটাব পৰা নাছিলোঁ। আজি মৰণত শৰণ দি সুধিবলৈ চেষ্টা কৰিছোঁ, আশা কৰোঁ আপুনি খং নকৰিব। “নাই নাই আপুনি নিচিন্তমনে সুধিব পাৰে।”― অভিনেতাজনে স্বভাৱসুলভভাৱে অভয় দান কৰিলে।
মানুহজনে সুধিলে― “ছাৰ, আপুনি ইমান ডাঙৰ আৰু জনপ্ৰিয় অভিনেতা, আপোনাৰ টকা-পইচাৰ অভাৱ নাই, আপোনাক সকলোৱে মৰম কৰে, সন্মান কৰে, আপোনাৰ দৰ্শন লাভ কৰিবলৈ মানুহে যুঁজ-বাগৰ কৰে; কিন্তু আপুনি তেনেই সাধাৰণ ৱেগনাৰ গাড়ী এখনত চলা-ফুৰা কৰে। কিয়?” অভিনেতাজনে এটা হাঁহি মাৰি উত্তৰ দিলে― “আচলতে কি জানে? দেখিছেই নহয় মই ওখ-পাখ মানুহ, ৱেগনাৰ গাড়ীখন অন্য গাড়ীৰ তুলনাত অলপ ওখ। গতিকে যাতায়তৰ সময়ত মোৰ একো কষ্ট নহয়। তদুপৰি গাড়ীখনত তেলৰ খৰচ কম, মেইন্টেনেন্স খৰছো নগণ্য; সেয়ে ৱেগনাৰ লৈয়ে মই চলা-ফুৰা কৰোঁ।” অভিনেতাজনৰ কথাটো যুক্তিপূৰ্ণ বুলি মানি লৈ মানুহজনে মূৰ দুপিয়ালে। “তথাপিও ছাৰ ‘ষ্টেটাছ’ বুলিও কথা এটা আছে দিয়কচোন।”― তাৰ পিছতো মানুহজনে ক’বলৈ নেৰিলে।
কথাষাৰ শুনি অভিনেতাজনে বৰ ৰস পালে। সেয়ে এইবাৰ তেওঁ ওলোটাই মানুহজনক সুধিলে― “মানে আপুনি বিশ্বাস কৰে যে মোৰ এটা ষ্টেটাছ আছে?” “অৱশ্যেই আছে ছাৰ, সেই ষ্টেটাছৰ বাবেই আপুনি সকলোৰে প্রিয় পাত্ৰ।”― মানুহজনে সলাগিলে। অভিনেতাজনে আকৌ সুধিলে― “আপুনি সঁচা কথা কৈছে নে?” মানুহজনে অত্যুৎসাহেৰে উত্তৰ দিলে― “অকণো সন্দেহ নাই ছাৰ, এশ দহ শতাংশ সঁচা।”
এইবাৰ অভিনেতাজনে ক’লে― “চাওক, আপুনি এশ দহ শতাংশ বিশ্বাসী যে মোৰ এটা ষ্টেটাছ আছে। তাৰমানে মোৰ ষ্টেটাছ আছে বুলি আপোনাৰ নিচিনাকৈ হয়তো আন বহুতেই বিশ্বাস কৰে। এতিয়া আপুনিয়েই কওক যদি ইতিমধ্যে মোৰ এটা ষ্টেটাছ আছেই, তেন্তে মই মাৰ্চিডিছ, অ’ডি, বি এম ডব্লিউ আদি বিলাসী গাড়ী কিনি চলা-ফুৰা কৰাত লাগিলে মোৰ ষ্টেটাছ বাঢ়িব নে গাড়ী কোম্পানীকেইটাক প্ৰমোচন কৰাহে হ’ব?”
উত্তৰটো পাঠকলৈ এৰিলোঁ।