ষষ্ঠ দিনাও লোকে লোকাৰণ্য ” মাঘীমেলা ” বাকৰি
শৈলেন কুমাৰ, মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ পলাশবাৰী আৰ,বি,উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় খেল পথাৰত আয়োজন কৰা মাঘী মেলা ২০২৫ ষষ্ঠ দিনাও লোকে লোকাৰণ্য পৰিৱেশ। বুধবাৰে সন্ধিয়া ৬ বজাত মাঘী মেলাৰ মুখ্য দ্বাৰ মুকলিৰ পিছতে পঞ্চম দিনা মেলাৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্য ই। প্ৰতিদিনে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজনে মেলাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । অসমৰ সংস্কৃতিৰ বৰ পথাৰ খনত ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা ৰুৱী পাপেট পুতলা নাচ থিয়েটাৰৰ সংযোজনে জনাসমাগমৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই বেলিও মাঘীমেলা ২০২৫ ৰ বিশেষ আকৰ্ষণ হিচাপে আছে আদৰ্শ গাওঁ, পুতলা নাচ, মেজি, গোঁহালী ঘৰ , চ’ৰাঘৰ, চাংঘৰ, গছ-গছনিৰ বাৰী,ঢেঁকীঘৰ আদিৰ উপৰি আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা অহা থলুৱা খাদ্যৰ ষ্টলৰ বিপণীৰ লগতে নানা ধৰণৰ কাপোৰ কানিৰ বিপণী। উল্লেখ্য যে জণসাধাৰণৰ সঁহাৰিৰ বাবে উদযাপন সমিতিয়ে ১৪ জানুৱাৰীলৈ আৰু দুদিন বঢ়াই দিয়া বুলি জানিব পৰা গৈছে ।