শৰৎ ঋতুৰ সুকীয়া সৌন্দৰ্য – ৰশ্মি ৰেখা দুৱৰা

শৰৎ ঋতুৰ সুকীয়া সৌন্দৰ্য
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
নৈৰ কাষে কাষে কহুঁৱাৰ হালি-জালি নাচোন,বকুল-শেৱালিৰ সুগন্ধি পাহিবোৰ বতাহত সিঁচৰতি হৈ চৌদিশ আমোলমোল পৰিৱেশ।শৰৎ বুলি ক’লেই দুৰ্গা পূজা,লক্ষ্মী পূজা,কাতি বিহু আদি উৎসৱবোৰে সম্পূৰ্ণ পৰিৱেশটোৱে সলনি কৰি দিয়ে।ছয় ঋতুৰ এক অন্যতম ‘শৰৎ ঋতু’।শৰতেই প্ৰকৃতিৰ ৰং-ৰূপ সলনি কৰি উৎসৱবোৰ আদৰি আনে।
গ্ৰীষ্ম ঋতুৰ উৎকট গৰম,প্ৰচণ্ড বৰষুণ,চাৰিওফালৰ বানপানী সামৰি শৰতে ভুমুকি মাৰি প্ৰকৃতিৰ জগতখনলৈ শীত প্ৰবাহ আনে।পুৱা চকুহাল মোহাৰি কুঁৱলীয়ে আৱৰা আগফালৰ সেউজীয়া পথাৰখনৰ সৌন্দৰ্যই দিনটোৰ শুভকামনা জনায়।টোপ-টোপ নিয়ৰৰ কণাবোৰ চোতালৰ দুবৰিত সৰি ৰৈছে।পদূলিমুখৰ শেৱালিজোপাৰ ফুলবোৰে দুবৰিৰ দলিচাতে তলভৰি সৰিছে।খৰাহি ভৰাই শেৱালি ফুল বুটলি তুলসীৰ ভেটি সজোৱা,বকুল ফুলৰ মালা গাঁঠি উমলা সৰুকালৰ সময়বোৰ অতি মনোমোহা।শৰতৰ আকাশ-বতাহৰ সৌন্দৰ্যই সুকীয়া।চলিত বৰ্ষত শৰতৰ প্ৰথমভাগত প্ৰকৃতিয়ে ওলোটা বাটেৰে গতি কৰা যেন অনুভৱ হৈছিল।পুৱাৰে পৰা প্ৰখৰ ৰ’দ,প্ৰচণ্ড গৰম কুঁৱলীৰ চিনচাপেই নাই।শৰতৰ যি ঠাণ্ডা-ঠাণ্ডা ভাৱ একোৱেই নাছিল।শৰৎ নহয় যেন গ্ৰীষ্ম ঋতুহে,তেনে ভাৱ হৈছিল।শৰৎ ঋতুত বৰষুণ কমকৈ হোৱা দেখা পাওঁ।কিন্তু এইবাৰ প্ৰচণ্ড ৰ’দক বিদায় দি বৰষুণৰ লানি নিছিগা হৈছে।বতৰ সলনি হোৱা বাবেই শৰৎ কালত ফুলা ফুলবোৰৰ কম দিনতে মৰহি গৈছে। ফুলবোৰৰ সুগন্ধিবোৰো নোহোৱা হ’ল।
শৰততে সঁজাল ধৰা সেউজীয়া পথাৰখনে গেঁৰ ওলাবলৈ আৰম্ভ কৰে।আগতীয়া ধানবোৰ দাবলৈয়ো হয়।সঁচায়ে বৰ ভাললগা সময়।শৰৎ কালত দিন চুটি,ৰাতি দীঘল হয়।গছ-গছনিৰ পাতবোৰৰ সেউজীয়া ৰঙটো নাইকিয়া হৈ ৰঙচুৱা বৰণৰ হৈ পৰে।চাৰিওফালৰ পৰিৱেশটো বহুত বেছি ভাললগা হৈ পৰে।’শৰৎ ঋতু’ৰ সুকীয়া সৌন্দৰ্যই প্ৰকৃতিৰ জগতখনক অধিক আকৰ্ষিত কৰি তোলে।