শৰবৃদ্ধ
সত্যজিৎ গগৈ,বামুণী গাওঁ
তুমি আহিবৰ দিনা
মলয়াই চুমিছিল মোক
শিহৰিত প্ৰতিটো মুদ্ৰাই
চটফটাই উঠিছিল,
শিৰা-উপশিৰাবোৰ
ওলাই আহিব খুজিছিল
এখনি তেজৰঙী নৈয়ে
উভতনি যাত্ৰা কৰিব ধৰিছিল,
সেইদিনা হিমগ্ল’বিন বোৰেও
সেউজীয়া হ’ব খুজিছিল
ফুটছাই ৰঙীণ আকাশখন
এঙাৰ ৰঙীণ হৈছিল,
পখিলা খেদাৰ সপোন বোৰে
বাট ভেটি লৈছিল
আইৰ কোলাত মূৰ থৈ
পঞ্চতন্ত্ৰৰ সাধু শুনাৰ দিনবোৰ
অমানিশা হৈছিল
পিতাইৰ কেঁচা ঘামবোৰ
চকুলো হৈ সৰিছিল,
মুঠৰ ওপৰত
প্ৰেমৰ শৰে বিন্ধি
এতিয়া মই শৰবৃদ্ধ…