শৰতৰ আগমন – ইভা গন্ধীয়া ফুকন

শৰতৰ আগমন
 ইভা গন্ধীয়া ফুকন
এজাক বৰষুণে ধৰণী তিয়ালে
ঘৰ্মাক্ত দেহাটিও পেলালে শাত
সু -কোমল পুৱাৰ নিৰ্মল বতাহ
পদুলিমুখৰ শেৱালি জোপাই
সুগন্ধি বিলাই জনালে শৰত অহাৰ বাতৰি
সজাল ধৰা ৰোৱাৰে পথাৰখনি সেউজী
বাট -পথো মুকলি পানী বোকা সামৰি
খোল তাল নেগেৰা শংখ মৃদঙ্গৰে মুখৰিত
নামঘৰৰ বাকৰি
ভক্ত সমাজ উৎফুলিত হৰি নামৰ ধ্বনি
প্ৰৱল আধ্যাত্মিকতাৰে শৰাই ভাগী আগবঢ়ায়
নাম কীৰ্তন ভোগ এভাগী
প্রজ্ঞাৰে জ্বলাইছে চাকি
সকলোৰে মঙ্গল হওক বুলি
নৈ পৰীয়া বতাহজাকে ভৰ দুপৰীয়া
বনৰীয়া ফুল চিঙি আছে
সুনীল সাগৰৰ মোহনাত ৰামধনু আঁকিবলৈ
তেনেতে ক’ৰবাৰ পৰা
কোকিল মূৰ্ছনা এটি ঢপলিয়াই আহিল
পানী পিয়াহে বিনালে
সাধনাৰ সুবিশাল পাহাৰ আৰু চিন্তাৰ তৰংগ বান্ধি
গভীৰ প্ৰত্যাশাৰে চাওঁ সভ্যতাৰ চানেকি
নাঙঠ আলিবাটবোৰক কেনেকৈ  পিন্ধোৱা হয়
সেউজীয়া বনৰ চোলা
মই খোজেৰে দুৰ্বোধ্য পথৰ পথিক
হেৰাই হেৰাই বিচাৰিব পৰা হৈছোঁ বোধগ্যমতা
গভীৰ আশ্বাসেৰে ফুল পৰি থকা হাবিয়নী পানী সুঁতিটোত
চেপা ডেৱাত জিয়া- মাছৰ খলখলনি
বাঁহৰ সাঁকো ডালেদি নৈ পৰীয়া বতাহজাক উভতিছে
মোনা ভৰি সাতো ৰঙৰ ফুল।