শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লোককল্যাণ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লোককল্যাণ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লোককল্যাণ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা দুটা বছৰত ৰাজ্য প্ৰশাসনলৈ যথেষ্ট সংস্কাৰ আহিছে। দৰিদ্ৰ লোকসকলে যিয়ে চৰকাৰৰ পৰা বিভিন্ন সেৱা বিচাৰে যোৱা দুটা বছৰত ৰাজ্য চৰকাৰখনে লোকসেৱাসমূহ ডিজিটেল ব্যৱস্থাৰে দিয়াৰ ব্যৱস্থা কৰাৰ ফলত ৰাইজৰ কষ্ট বহু লাঘৱ হৈছে। লোকসেৱাৰ প্ৰতিটো দিশ ডিজিটেলী কৰিব পাৰিলে কর্মদক্ষতা বহু বৃদ্ধি পাব। ৰাইট টু পাব্লিক ছাৰ্ভিচ অৰ্থাৎ লোকসেৱাৰ অধিকাৰক চৰকাৰে আইনৰ গণ্ডীলৈ নিব বিচাৰিছে। এতিয়া বিভিন্ন সময়ত জনসাধাৰণে সেৱা বিচাৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত সেৱা লাভ নকৰিলে মন্ত্ৰী-বিধায়ক-বিষয়া আদিক অভিযোগ দিয়ে। তাৰ ভিতৰত কিছুমান সমাধান হয়, কিছুমান নহয়। ই এক ব্যক্তিগত প্রচেষ্টাত সীমিত থাকে। কিন্তু চৰকাৰে তথ্য জনাৰ অধিকাৰৰ দৰে লোকসেৱাৰ অধিকাৰকো আইনৰ গণ্ডীলৈ নিব বিচাৰিছে। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কোনোবাই তথ্য বিচাৰিলে এমাহৰ ভিতৰত যদি সংশ্লিষ্ট বিভাগৰ পৰা উত্তৰ লাভ নকৰে, তেতিয়া হ’লে সংশ্লিষ্ট ব্যক্তিয়ে আয়োগৰ ওচৰলৈ যাব পাৰে আৰু আয়োগে বিভাগক সেই উত্তৰ দিয়াৰ বাবে বাধ্য কৰায়। তথ্য জনাৰ অধিকাৰৰ সমান্তৰালভাৱে চৰকাৰে লোকসেৱাকো একেধৰণৰ কৰাৰ বাবে লোকসেৱাৰ অধিকাৰ আয়োগ গঠন কৰিব বিচাৰিছে। এই বছৰৰ ভিতৰতে লোকসেৱা অধিকাৰ আয়োগৰ কাৰ্যালয় স্থাপন কৰিবলৈ সক্ষম হ’ম। লোকসেৱা অধিকাৰ আয়োগ গঠন হোৱাৰ লগে লগে কোনো কৰ্মচাৰীৰ কামৰ গাফিলতিত বাবে যদি কোনো লোক নির্দিষ্ট সময়ৰ ভিতৰত সেৱা লাভৰ পৰা বঞ্চিত হৈছে, তেতিয়া হ’লে সংশ্লিষ্ট কৰ্মচাৰীজনৰ দৰমহাৰ পৰা দৈনিক ১০০ টকাকৈ কৰ্তন হ’ব। ইয়াৰ বাবে বহু বিষয়া-কৰ্মচাৰীয়ে বেয়া পাব পাৰে। কিন্তু অসমখনক আগুৱাই লৈ যাবৰ বাবে চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰিব।  এই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ এটা প্ৰজন্মৰ বিষয়া-কৰ্মচাৰীয়ে ৰাইজক সেৱা কৰিলে। কিন্তু পাছৰ এটা প্ৰজন্মৰ বিষয়া-কৰ্মচাৰীয়ে চৰকাৰখনক ব্যৱসায়লৈ পৰিৱৰ্তন কৰিলে । এচাম চৰকাৰী কৰ্মচাৰীৰ এনে প্ৰৱণতাই জাতিটোক দুৰ্বল কৰি পেলালে। নিজৰ টেবুলতে একেলগে কাম কৰা কৰ্মচাৰী এজনক অৱসৰৰ দিনা ছাতি আৰু গামোচা উপহাৰ দিয়ে । কিন্তু পেন্সনৰ কাগজখন নিদিয়ে। পেন্সনৰ কাগজ বিচাৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজন এটা সময়ত হাৰি যায়। মূলতঃ ধন ঘটাৰ মানসিকতাৰ বাবেই অৱসৰপ্ৰাপ্ত সতীৰ্থ কৰ্মচাৰীজনক সহজে পেন্সনৰ কাগজখন নিদিয়ে।চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক সেৱাৰ মানসিকতাৰে কাম কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে চাকৰি জীৱনত ৰাইজৰ কাম নকৰিলে অৱসৰৰ পিছত জীৱন অত্যন্ত কষ্টকৰ হৈ পৰে। অৱসৰৰ পিছত গাঁৱৰ মানুহে সেই কৰ্মচাৰীগৰাকীক ব্যৱসায়ী বুলিহে গণ্য কৰে। ফলত সমাজত তেওঁ অকলশৰীয়া যেন হৈ পৰে।