শ্ৰমিক দিৱস-সুজাতা মেধি

Pc India.com

শ্ৰমিক দিৱস

সুজাতা মেধি

শ্ৰমিকৰ নাই দিন,নাই ৰাতি
প্ৰতিটো প’ল পৰিশ্ৰমৰ,
মূৰৰ ঘাম পৰে মাটিত।
পুৱা-বেলি কঠোৰ শ্ৰমেৰে …
ইটা ,পাথৰ, লোহা ভাঙি
পেটৰ বাবে কৰে বলিদান।
কৰ্মত নাই কোনো লজ্জা,
কিন্তু কৰ্মত আলস্য হ’ল
লজ্জাৰ কাৰণ।
শ্ৰমিকৰ অবিৰত পৰিশ্রমেই হ’ল
সমস্ত সম্পদৰ শ্রমৰ ফচল।
শ্ৰমিকৰ নাই কোনো ন্যায্য মূল্য,
দুখৰ জীৱন গণ্য।
শ্রমিক দিৱস বুলি ক’লেই নহ’ব
নহ’ব তেজৰ শোষণ,
নহ’ব অত্যাচাৰৰ বলি,
দিব লাগিব মানৱ অধিকাৰ।
তেতিয়াই হ’ব দেশৰ সাফল্যৰ
মূল চাবিকাঠী।।

মে’ দিৱসৰ এই দিনটোত আমাৰ চাৰিওফালে কঠোৰ পৰিশ্রম কৰা শ্ৰমিকৰ শ্রম উৎসৰ্গাক স্মৰণ কৰি সকলো শ্ৰমিকলৈ ‘মে দিৱস’ৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।