(১২জানুৱাৰী,আদ্য শ্ৰাদ্ধ উপলক্ষে)
শ্ৰদ্ধাঞ্জলি -পৰাণ বৰ বৰুৱালৈ
অঞ্জু শাণ্ডিল্য
৩জানুৱাৰীৰ ৰাতিপুৱাতে ‘ৰজত কমল বঁটা ‘প্ৰাপক পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ পৰাণ বৰ বৰুৱাৰ নাতি আৰাণ শঙ্কৰ শৰ্মাই ফোন কৰি ক’লে, “কালি ৰাতি পুঠা ঢুকাল” ক’লো-“কালি ৰাতিয়েই খবৰটো পাইছিলো।মনটো বৰ বেয়া লাগি আছে, তেখেতে যে কৈছিল, অঞ্জু, তোমাক আৰু নেদেখিম যেন লাগিছে, সেই কথাটো মনত পৰি আছে ” আৰাণক আৰু একো ক’ব পৰা নাছিলো ।আমাৰ মাত থোকাথুকি হৈ পৰিছিল ।আৰাণে আকৌ ক’লে “পুঠাৰ মৃতদেহ এঘাৰ বজাত হস্পিতেলৰপৰা পুঠাৰ ঘৰলৈ অনা হ’ব।আপুনি আহিব।বহুত দিনৰ পৰা পুঠাই আপোনাক মাতি আছিল ।তেতিয়া আহিব নোৱাৰিলে যদিও আজি আহিলে আহিব।পুঠাৰ মুখত আপোনাৰ কথা শুনি শুনি আপোনাক আমাৰ পৰিয়ালৰ এজন যেন লগা বাবে আপোনাক ক’লো।” আৰাণৰ কথা শুনি বহুত কথা মনলৈ আহিল ।বহুত দিনৰ আগৰ পৰা পৰাণ বৰ বৰুৱাৰ লগত চিনাকী ।আমাৰ এখন উপন্যাস ‘পোনাকণ’ত তেখেতে এক চৰিত্ৰৰূপে ধৰা দিছিল ।’অসমীয়া প্ৰতিদিন’ , ‘আমাৰ অসম ‘ ‘ৰঙিলীবাৰ্তা’আদি কাকতত আমাৰ লেখা প্ৰকাশ হ’লে ফোন কৰি কৈছিল ।কেতিয়াবা আমাৰ লেখা মেলাত সহায় হ’ব বুলি কাকত-পত্ৰ আদি আমাৰ ঘৰলৈ পঠিয়াই দিছিল ।যোৱা ছমাহমানৰপৰা মানুহ গৰাকীৰ বৃক্ক ৰোগৰ বাবে হেল্থচিতি হস্পিতেলত চিকিৎসা কৰি আছিল।মাজে মাজে আৰোগ্য হৈ ঘৰলৈ ঘূৰি আহিছিল; কিন্তু ডিচেম্বৰ মাহৰ শেষৰ ফালে হস্পিতেলত ভৰ্তি হৈ আৰু সোশৰীৰেৰে উভতি নাহিল।২জানুৱাৰীৰ ৰাতি মৃত্যুমুখত পৰা মানুহ গৰাকীৰ মৃতদেহ ৩জানুৱাৰীৰ দিনা ৰাধাগোবিন্দ পথৰ ‘ৰজত কমল পথ’ৰ নিজা বাসগৃহলৈ আহিল ।মানুহ জনৰ কন্যা প্ৰেৰণা বৰ বৰুৱাৰ পুত্ৰ আৰাণে আমাক তেখেতৰ স্বাস্থ্য সম্পৰ্কীয় খা-খবৰ জনাই আছিল ।প্ৰতি বাৰেই ঘৰলৈ সুস্থ হৈ অহাৰ দৰে এইবাৰো আহিব বুলি ভাবি আছিলো;কিন্তু নাহিল।কথাবোৰ ভাবি থাকোতেই তৌফিকদাই(অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ তৌফিক ৰহমান) ফোন কৰি ক’লে,”অঞ্জু ,পৰাণদাৰ খবৰটো শুনিছানে?” কৈছিলো ,”অ,কালি ৰাতিয়েই খবৰটো শুনি বহুত বেয়া লাগি আছে ।”আৰাণক মৰমতে’আৰাণ বাবা’ বুলি মাতিবলৈ ককাক আজি নাই ।পত্নী বিবিদেৱী বৰ বৰুৱাও অকলশৰীয়া হৈ পৰিল।পুত্ৰ, কন্যা, বোৱাৰী নাতি সকলো শোকত ভাগি পৰিছে ।আজি আদ্য শ্ৰাদ্ধ উপলক্ষে জনাইছো অশেষ শ্ৰদ্ধাঞ্জলি ।পৰিয়ালৰ আটাইকে সমবেদনা জনাইছো আৰু ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।