শ্ৰদ্ধাঞ্জলি দেৱদালৈ
অঞ্জু শাণ্ডিল্য
৭ছেপ্তেম্বৰৰ দিনা অলক ভিনদেউৱে ফোনযোগে ক’লে “অঞ্জু, আজি মোৰ মনটো বৰ বেয়া লাগিল । দেৱদা গ’ল গৈ।” কথাষাৰ শুনি উচপ খাই উঠিলো।বিশ্সাসেই হোৱা নাই, দেৱদা যে একেবাৰেই গুছি গ’ল!কিমান সৰুৰে পৰা দেৱদাক দেখি আহিছো।আজিও মনত পৰিছে দেৱদাক প্ৰথম দেখাৰ কথা ।আমি তেতিয়া দেউতাৰ কৰ্ম সূত্ৰে তিতাবৰৰ ৰঙাজান চাহ বাগানত আছিলো।পশ্চিম যোৰহাটৰ শ্ৰী শ্ৰী ঢাপকটা বৰসত্ৰত দেউতাৰ নিজাঘৰ।ৰাসপূজা সত্ৰৰ নামঘৰত ধুমধামেৰে অনুষ্ঠিত হয় ।আমিও সপৰিয়ালে বাগানৰ পৰা ৰাসলৈ আহিছিলো।ৰাসৰ ভাওনাৰ শ্ৰী কৃঞ্চৰূপী কিশোৰ জনক দেখি সাইলাখ ভগবান শ্ৰী কৃষ্ণ যেন লাগিল ।কিশোৰ শ্ৰী কৃষ্ণই যেন হাতত মোহন বাঁহী লৈ বৃন্দাবনত ৰাধাৰ বাবে আকুল অপেক্ষাত ৰৈ আছে ।আমাৰ মুখৰপৰা স্বতস্ফূতভাৱে কথাষাৰ ওলাইছিল -শ্ৰী কৃষ্ণৰ ভাও লোৱা ল’ৰাজনক যে একেবাৰেই ভগবান শ্ৰী কৃষ্ণ যেন লাগিছে! ওচৰতে থকা কোনোবাই ক’লে”সেইটো তোমালোকৰ বুলুপেহীয়েৰাৰ ল’ৰা দেৱ আকৌ।আৰু মাৰাৰ ফালৰপৰা বুলু জেঠায়েৰা”। কথা শুনি মনটো বৰ ভাল লাগিল ।আমাৰ পেহীৰ ল’ৰা দেৱ দাই ইমান ধুনীয়া শ্ৰী কৃষ্ণৰ ভাও লৈছে!তেতিয়া দেৱদাই ঢাপকটা বৰ সত্ৰৰ মোমায়েকৰ ঘৰত থাকি যোৰহাট চিকেবি কলেজত পঢ়িছিল।সেই খন ঘৰ আকৌ আমাৰ মাৰ জেঠায়েকৰ ঘৰৰ লগতে দেউতাৰ খুৰাকৰ ঘৰো।আমি বাগানৰ পৰা আহিলে সেইখন ঘৰত থাকিছিলো।দেৱদা যোৰহাটত পঢ়ি থকা সময়ত কেইবাবাৰো লগ পাইছিলো। পাছত দেউতাৰ অৱসৰৰ পাছত আমিও ঢাপকটা বৰসত্ৰত নিগাজীকৈ থাকিবলৈ ললো।তেতিয়া অৱশ্যে দেৱদা গৌৰীসাগৰৰ নিজাঘৰত আছিল ।ঢাপকটালৈ আহিলেই আমাৰ ঘৰলৈ আহিছিল ।আমাৰ নতুনকৈ সজা ঘৰটোৰ বাবে নানা দিহা-বুদ্ধি দিছিল ।আমাৰ ডাঙৰ দাদাৰ কন্যা আৰু আমাৰ দৰা দেৱদাৰ দেউতাকৰ আৰু ভায়েক উজ্জ্বলদাৰ যোগেদি ঠিক হৈছিল ।বিয়াৰ পাছতো কেইবা বাৰো দেৱদা হতৰ ঘৰলৈ গৈছিলো ।যেতিয়াই লগ পাইছিলো তেতিয়াই দেৱদাৰ মুখত আপোনভোলা হাহিটো দেখিছিলো।প্ৰথম চিনাকীতে সকলোকে আপোন কৰি ল’বপৰা গুণটোৰ বাবে দেৱদা বহুতৰে প্ৰিয়প্ৰাত্ৰ আছিল ।সেই জন দেৱদা যাওবুলি একেবাৰেই গুছি গ’ল ।অকলশৰীয়া হৈ গ’ল মণিবৌ,পুত্ৰ, কন্যা, বোৱাৰী ,জোৱাই,নাতি।পৰিয়ালৰ মানুহক সমবেদনা ,সান্ত্বনা দিয়াৰ ভাষা নাই।বুলুপেহী,ইন্দুবা,জ্যোতিবা,মা মন,ভাইমন ,উজ্জ্বলদাকনো কি বুলি সান্ত্বনা জনাম!আজিৰ আদ্য শ্ৰাদ্ধ উপলক্ষে জনাইছো অশেষ শ্ৰদ্ধাঞ্জলি আৰু ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছো শ্ৰী কৃষ্ণ গোসাইয়ে দেৱদা য’তে আছে তাতে শান্তিত ৰাখক।দেৱদাৰ আত্মাই চিৰশান্তি লাভ কৰক ।