শ্যামল গীতি
অলি হৈ আহিবানে তুমি
ফুলাবলে’ মোৰ
হৃদয়ৰ মাধৈ-মালতী ?
যদি আহা
মনৰ পদূলিত পাৰি দিম
সেউজ দলিচা এখনি
য’ত নাচিব
প্ৰণয়ৰ দুপাখি মেলি
ফুটুকী পখিলী।
সপোনবোৰ পুনৰ সজাই
বোৱাব পাৰোঁ কিজানি
বিশ্বাস আৰু প্ৰেমৰ
পৱিত্ৰ মন্দাকিনী !
সৃষ্টিৰ অনিন্দ্য সুন্দৰ
সুৰৰ লহৰত
তেতিয়া আমিও গাব পাৰিম
শ্যামল গীতি।
সৰাপাতত সপোন গুজি
আপোন মনে গুছি যোৱা
ফাগুনক নকৰোঁ ৰোমন্থন।
ন-কুঁহিপাতৰ কুমলীয়া হাঁহিৰে
এতিয়া তুমি মই গাম
বসন্তৰ ৰঙীন গান।
আহাচোন তুমি
নিৰ্জনতাৰ প্ৰাচীৰ ভেদি!
ৰঙা-নীলা চিলাৰে
মনৰ আকাশ ভৰাই
গাই যাম জীৱন-গীতি।
আয়নাল হক , ধুবুৰী