শোণিতপুৰ জিলাৰ ভালুকপুঙত ভয়ংকৰ ঘটনা

PC- The Indian Express

শোণিতপুৰ জিলাৰ ভালুকপুঙত ভয়ংকৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- শোণিতপুৰ জিলাৰ ভালুকপুঙত ভয়ংকৰ ঘটনা। ডিট’নেটৰ বিস্ফোৰণ হৈ গুৰুতৰভাৱে আহত হ’ল এগৰাকী ছাত্ৰী৷ ভালুকপুঙৰ বাণ্ডুগুৰি গাঁৱত সংঘটিত হয় এই অঘটন৷ ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পথৰ দাঁতিত পৰি থকা ডিটেনেটৰ ঘৰলৈ লৈ আহোঁতে বিস্ফোৰিত হয়৷ ইতিমধ্যে গুৰুতৰভাৱে আহত ছাত্ৰীগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও উন্নত চিকিত্‍সাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ অনা হয় ৷ ঘটনাক লৈ চাঞ্চল্য সৃষ্টি হৈছে শোণিতপুৰত।