শৈশৱ – ৰিজু কাকতি

 শৈশৱ

ৰিজু কাকতি,গুৱাহাটী

শৈশৱৰ ভাটি বেলাত
ওভতনি সোঁতত
উটি ভাঁহি
নিজকে বিচাৰি ফুৰিছো ।

মুঠিয়ে মুঠিয়ে বুটিলিছো
ৰুপোৱালী বালি ।
শিঙৰি কাঁইটে
ৰক্তাক্ত কৰিলে দুহাত মোৰ ।