শৈক্ষিক সংস্কৰণ নে চেল্ফি’জনলৈ পৰিণত মহাবিদ্যালয় !- অংকুৰ কুমাৰ কলিতা

শৈক্ষিক সংস্কৰণ নে চেল্ফি’জনলৈ পৰিণত মহাবিদ্যালয় !
যিকোনো এটা বিষয়ত ইতিবাচক তথা নেতিবাচক দিশৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয় । এয়া ও ব্যতিক্ৰম নহয় ! শৈক্ষিক দিশেৰে শিক্ষাৰ সংস্কৰণ অনাৰ চেষ্টা নে এয়া চেল্ফি’জনলৈ একপ্ৰকাৰ পৰিণত কৰাৰ চেষ্টা মহাবিদ্যালয় কতৃপক্ষৰ । গীত, নৃত্য,নাটক ইত্যাদি বিভিন্ন দিশৰ লগতে শিক্ষাৰ দিশেৰে আগুৱাই যোৱা নামনি অসমৰ ঐতিহ্যমণ্ডিত এখন মহাবিদ্যালয়ত এয়া কি…..? হঠাৎ মহাবিদ্যালয়খনত দেখিবলৈ পোৱা গৈছে এখন বিশেষ হল্ডিং। য’ত লিখা আছে “I LOVE TIHU COLLEGE” ।  ৰূপ সজ্জাৰে লগোৱা হল্ডিং খনেই হৈছে নেকি নামনি অসমৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ! যিটো সময়ত শিক্ষাৰ দিশেৰে জিলিকিব লাগিছিল মহাবিদ্যালয় ! তেনেস্থলত পাৰ্ক অথবা ৰেষ্টুৰেণ্ট’ত লগোৱাৰ দৰে এনেকুৱা ৰূপ সজ্জাৰে লগোৱা হল্ডিং মহাবিদ্যালয়ত কিমান দূৰ গ্ৰহণযোগ্য ! নে পাৰ্ক অথবা ৰেষ্টুৰেণ্ট’ত চেল্ফি’জনৰ দৰেই এখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক চেল্ফি’ প্ৰতিযোগিতালৈ আকৰ্ষণ কৰাৰ এক প্ৰয়াস  মহাবিদ্যালয় কতৃপক্ষৰ । এইক্ষেত্ৰত সচেতন মহ’লে মাত-মতা অথবা সজাগ হোৱা উচিত ! আচলতে,কোন দিশে ধাৱমান হৈছে মহাবিদ্যালয়খন । শিক্ষাৰ্থীক আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু শৈক্ষিক দিশ নে এনেকুৱা ধৰণৰ চেল্ফি’জন ! এয়া ও এক ডাঙৰ প্ৰশ্ন ?  নামনি অসমৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনক আকৌ এখো‌ঁজ আগুৱাই নিবলৈ হয়টো ভিতৰ চৰাত বহু কৰণীয় কাম আছে । হয়টো শিক্ষাৰ্থীৰ বাবে বহু অভাৱ পূৰণ কৰিব লগীয়া আছে ! হয়টো শিক্ষাৰ্থীক শিক্ষাৰ যোগেদি আগুৱাই নিবলৈ বহু বৈজ্ঞানিক প্ৰযুক্তি তথা বিভিন্ন সা-সামগ্ৰীৰ প্ৰয়োজন আছে। আনহাতে, মহাবিদ্যালয়খনত আছে বহু কেইটা CCTV । কিন্তু প্ৰায় CCTV য়েই একপ্ৰকাৰ বিকল হৈ পৰি আছে ।  চেল্ফি’জন বা এনেকুৱা ধৰণৰ হল্ডিংৰ ওপৰত গুৰুত্ব নিদি শৈক্ষিক দিশত মহাবিদ্যালয় কতৃপক্ষই গুৰুত্ব আৰোপ কৰা উচিত । শৈক্ষিক দিশত উন্নয়নৰ নামত ৰং তুলিকাৰে,ৰূপ সজ্জাৰে আনক আকৰ্ষণ কৰা কেন্দ্ৰবিন্দু হ’ব নালাগে , কেন্দ্ৰবিন্দু হ’ব লাগে শিক্ষাৰ যোগেদি ,শৈক্ষিক দিশত উন্নয়ন হোৱাটো প্ৰ‌য়োজন,ৰূপ সজ্জাত নহয় । হঠাৎ  শৈক্ষিক ক্ষেত্ৰত লগোৱা এনেধৰণৰ হল্ডিংয়ে হয়টো কৌতুহলৰ সৃষ্টি কৰিব পাৰে শিক্ষাৰ্থী অথবা সচেতন মহলৰ মাজত । এইক্ষেত্ৰত মহাবিদ্যালয়ৰ কতৃপক্ষই বিবেচনা কৰা উচিত ।
অংকুৰ কুমাৰ কলিতা