শেষ যাত্ৰা
নিবেদিতা দাস ,মিৰ্জা
কলম হাতত কাহানিও লৈ পোৱা নাই
কবিতাৰ ভাষা বুজিও নাপাওঁ মই,
আজি মই বাধ্য হাতত কলম তুলিবলৈ তাৰ কাৰণ হ’লি তই ৷
ফুলৰে সজ্জিত বাহনৰ পিছেপিছে যাত্ৰা আছিল মোৰ নৱগ্ৰহলৈ,
সেয়া সপোনৰ এটি হৃদয়বিদাৰক দৃশ্য ৷
সপোন হেৰাই আজি নিমিখতে ,
চিতাৰ জুইৰ ৰূপ লই
তই জাননে তোৰ চিতাৰ জুই কুৰাই,মোৰ বুকুত এতিয়াও দপদপাই ৷
আহ ! কিযে কাতৰ যন্ত্ৰণাৰ বিষ এয়া,
তই কিয় গুচি গ’লি ভণ্টি
তোৰ শেষ যাত্ৰাই বৰকৈ আমনি কৰিছে ৷