শেষান্তৰত – মুন শৰ্মা

শেষান্তৰত

মুন শৰ্মা,লখিমপুৰ

মৃতকক খৰি দিয়া ঠাইত মানুহ বুলি নাই। পুৰোহিত, ঘৰত কাম কৰা লগুৱা দুটা আৰু ওচৰৰে হৰি ভকত। এই কেইজনৰ লগত, লগ লাগিয়েই ৰত্ন বুঢ়াই যেনে -তেনে কাম-কাজ খিনি কৰিলে দীঘলীয়া দিন অসুখত পৰাৰ পাছত মৃত্যু হোৱা পত্নী লক্ষ্মীমাইৰ সৎকাৰ।মানুহ জনী অসুখ বুলিব বহুত কমেও ছয় সাত টা মান হ’ব। সিহঁতি খুলি খুলি খাইছিল মানুহ জনীক দিনে নিশাই। তাতে আকৌ উপযুত্ত চিকিৎসাৰ অভাৱ, ৰোগ চাই দেহত পাৰিব লগা খাদ্যৰ অভাৱ, অন্যহাতে মনত অজস্ৰ চিন্তা,আনফালে দিনে নিশাই এমুঠি অন্নৰ বাবে কষ্ট। যাৰ বাবেই আঁতৰি নোযোৱা হ’ল বেমাৰে মানুহ জনীক এৰি। গাওঁ খনৰ সিটো মূৰত সিহঁতৰ ঘৰ,পুৰণি অসম আৰ্হি বনুৱা ঘৰটোত বাস কৰে সিহঁত দুটি অৰ্থাৎ তাই আৰু তাইৰ গিৰিয়েক। সন্তান বুলিব দুটা ল’ৰা আছে। কিন্তু ঘৰত নাথাকে এটা থাকে মুম্বাইত আৰু এটা থাকে ইন্দোৰত।ঘৰলৈ নাহে, পঢ়িবলৈ ওলাই গৈ নিজৰ কৰ্ম তাতে বিচাৰি, তাৰেই ছোৱালী বিয়া কৰাই ঘৰ বাৰী তাতে লৈ মহাসুখত থিতাপি ল’লে। সময় নোলায় ঘৰলৈ আহিব,মাক দেউতাকৰ খৱৰ ল’বলৈ। ডাঙৰ চাকৰি ঘৰ পৰিয়াল পত্নী, সন্তানৰ দায়িত্ব আছে সেয়ে ব্যস্ততা বেছি।মাকৰ সকামলৈ পিছে আহিল কাৰণ সমাজত সিহঁতৰ সন্মান যাব যদিহে নাহে। সকাম শেষ হ’ল হে” মাত্ৰ উৰা মাৰিলেই নিজৰ,নিজৰ ঠাইলৈ বুলি। অকলশৰীয়া বাপেক টোৱে ইমান অনুৰোধ কৰিলে বোপাই দুদিন মান থাক সোণ তহঁত। কিন্তু নাই, ডাঙৰ অফিচাৰ পুতেক দুটাই ক’ত শুনিব বাপেকৰ কথা। গুৰুত্বই নিদিলে।পুতেক হ’ত গ’লগৈ, যি দুই এজন মানুহ সকাম বুলি আছিল সিহঁত ও গ’লগৈ, থাকিল মাথোঁ নিসংগ ভাবে ঘৰটোত ৰত্ন বুঢ়া। থাকিব কোন বেমাৰী যদিও লক্ষ্মীমাই জনী আছিল তাইও ঠিকনা ল’লে অজান কেনিবা ৰত্ন কাইক অকলে এৰি। সেয়ে বুঢ়াৰ ঘৰৰ আশে পাশে থকা মানুহ বোৰৰ পুৱা, গধূলি এই কেইদিন এটাই আলোচনা। ৰত্ন কাই ভৱিষ্যত হ’ব কি!এই বৃদ্ধ বয়সত কলৈ যাব কেনেকৈ চলিব। একালত গাঁৱৰ দহ জন মানুহ অকলে লালন পালন কৰিব ক্ষমতা থকা গাঁৱৰ চহকী মানুহটোৱে আজি দেখোন নিজৰ বাবে এমুঠি অন্ন বাবে কৰিব লাগিব সংগ্ৰাম। ইয়াৰ বাবে জগৰীয়া কৰিছে চবেই পুতেক দুটাক।কাৰণ, কম খন কষ্ট কৰিলে নে সিহঁত দুটাৰ বাবে।ধনী হোৱাৰ পাছতো টকাই জোৰা নমৰাত নিজৰ খেতি মাটিতকে বেছি দিছিল আৰু বা কি কৰা নাছিল। সিহঁত দুটাৰ বাবেই শেষ হৈ আহিছিল ৰত্ন ফুকনৰ ইটোৰ পিছত সিটো সম্পত্তি, কিন্তু ভয় কৰা নাছিল তেওঁ কাৰণ মনতে ভাবিছিল লৰা দুটা মানুহ হওঁক,তাৰ পাছত ঈশ্বৰে কিবা এটা কৰিব আমাৰ বাবে ভাল। কিন্তু এবাৰো নাভাবিলে পৰিণাম যে এইয়হে লিখা আছে তেওঁৰ কপালত।