শূন্য পৰিচয়
লখিমী শৰ্মা, যোৰহাট
ধাৰাষাৰে নামিছে বৰষুণ
বতাহৰ ছন্দে ছন্দে নাচিছে ফুলকেইজোপা
সুদূৰৰ গুণগুণ ভাষ্য ভাঁহি আহে সন্মুখত
থমকি ৰওঁ সেই ভাষ্যৰ
বাস্তৱিকতা বিচাৰি ।
সপোন যেন বৰষুণ জাকে
এৰি থৈ গ’ল
কিছু শূন্যতা
শূন্যতাৰ শিখৰত আছে
জটিলতাৰ সফলতা ।
নিৰৱ হৈ পৰিল দশোদিশ
ৰৈ গ’ল কেৱল বৰষুণে
তিয়াই নিয়া বসুন্ধৰাৰ
সুকোমল দেহা ।
বিচাৰি পাওঁ তাত গীতৰ ছন্দ ।
টপ্টপ্কৈ চালিৰ পৰা পৰি থকা
কবিৰ মন পৰশা শব্দ ।
জীপাল হৈ উঠা বসুন্ধৰাৰ দৃশ্য
ভাঁহি আহে তাৰ
চিৰচেনেহী সৌন্দৰ্য্যৰ গাম্ভীৰ্য্য ।