শুভ জন্মদিন-  ৰশ্মি ৰেখা দুৱৰা

Pc Freepik

শুভ জন্মদিন

   ৰশ্মি ৰেখা দুৱৰা

ন-প্ৰভাতীৰ ন-সুৰুজৰ এটি ক্ষণত
আহিছিলা ভূমিস্থহৈ
পিতৃ-মাতৃৰ কোলা শুৱনি কৰি
সজাইছিলা এখনি সৰ্বাংগসুন্দৰ পৃথিৱী।
তোমাৰ হাঁহিয়ে পৰিয়ালৰ সকলোকে
ৰাখিছিলা হহোঁৱাই
আনন্দত মুখৰিত কৰি তুলিছিলা
এক নতুন পৰিৱেশৰ।
আজি তোমাৰ শুভক্ষণত
যাঁচিলো এসাগৰ মৰম আৰু শুভেচ্ছা,
আশীৰ্বাদ দিয়াৰ মোৰ ক্ষমতা নাই
দিছোঁ অযুত উৎসাহভৰা প্ৰেৰণা
মাথোঁ তোমাৰ যাত্ৰাত গতি কৰি
সুখী হোৱা এগৰাকী সফল ব্যক্তি।
আশাৰ কল্পনাবোৰে পূৰ্ণতাৰ ৰূপলৈ
বাস্তৱৰ কঠিয়াতলিত মেলানি মাগক
নেদেখাজনক জনাইছোঁ সহস্ৰ প্ৰণাম।
জীৱনত বহু বাধাই বাঁট ভেটিব
বাধাৰ প্ৰাচীৰ ভাঙি গঢ়িবা নিজৰ স্থিতি
জ্যেষ্ঠ,কনিষ্ঠ সকলোকে কৰিবা স্নেহ
নকৰিবা অসৎ ব্যৱহাৰ।
সৎ পথ,সৎ ব্যৱহাৰত গণিবা ক্ষণ
তেহে সকলোৰে মৰমেৰে ওপচাই তুলিব
আজি তোমাৰ শুভক্ষণত নেদেখা জনে
তোমাক দিব অফুৰন্ত আশীৰ্বাদ।