শীতৰ প্ৰথম বৰষুণ জাক – নাচিমা য়াচমিন

PC - Vecteezy

শীতৰ প্ৰথম বৰষুণ জাক

 নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি 

শীতৰ প্ৰথম বৰষুণ জাকে
আজি হৃদয় গভীৰত
নতুনকৈ আশাৰ বীজ
সিচিছে।
শীতৰ ওপৰৰ আৱৰণত
ঠাণ্ডাৰ দলিচাখন পাৰি
দেহ মন কঁপাই তুলিছে।
প্ৰেমৰ এই বৰষুণ জাকে
মৰুভূমিসদৃশ হৃদয়খনক
 আকৌ জিপাল কৰি গ’ল ,
তোমালৈ থকা মোৰ অভিমানখিনি
কৰবাত গৈ তল পৰি ৰ’ল।
বৰষুণজাক আৰু তোমাৰ
 অভিমানৰ মাজত
বহুখিনিয়েই সাদৃশ্য আছে জানা,
দুয়ো যিমান বেছি সুন্দৰ
তাতোকৈ বেছি ভয়ংকৰ।
শীতৰ প্ৰকোপতা যিমানেই বাঢ়িছে,
তোমাৰ প্ৰতি মৰমবোৰ সিমানেই বাঢ়িছে,
তুমিয়েই কোৱা নাছিলা জানো
দুবাহুৰে আঁকোৱালি ৰাখিম সদায়,
হৃদয়ৰ সোঁ- মাজতে।