শিৱৰাত্ৰি মানেই ভাং,ঘোটাৰ বেপাৰ আৰম্ভ – চন্দ্ৰ শেখৰ পৰাজুলী

শিৱৰাত্ৰি মানেই ভাং,ঘোটাৰ বেপাৰ আৰম্ভ

 চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি

” ওঁ এয়ম্বকং যজামহে সুগন্ধিং পুষ্টিবৰ্ধনম্।
উৰ্বাৰুকমিব বন্ধনান্ মৃত্যোৰ্মুক্ষীয় মামৃতাত্। “

হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰি তিথি পৰে, কিন্তু তথাপিও বছৰত এবাৰকৈ ফাগুন মাহত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অতি ধুমধামেৰে মহা শিৱৰাত্ৰি উৎসৱৰ আয়োজন কৰা হয়। সঁচা অৰ্থত কবলৈ গলে শিৱৰাত্ৰি উৎসৱৰ আৰম্ভণিৰ তাৰিখ সঠিকভাৱে ক’ব নোৱাৰি। তথাপিও কিছুসংখ্যক যোগীৰ মতে,’মহা শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল’। অন্য এটি তথ্য অনুসৰি ,’এই নিশাই শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল’। এনেদৰে শিৱৰাত্ৰি উৎসৱ উদযাপ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মতানৈক্য থকা দেখিবলৈ পোৱা যায়। তথাপিও হিন্দু দিনপঞ্জী মতে ফাগুন মাহৰ ত্ৰয়োদশ ৰাতি/ চতুৰ্দশ দিনত ভাৰতৰ প্ৰায় প্ৰতিটো ঠাইতে মহা শিৱৰাত্ৰি উৎসৱ উদযাপ কৰা দেখিবলৈ পোৱা যায়।

এতিয়া কথা হ’ল আমাৰ হিন্দু সমাজত ধৰ্মবোৰক লৈ কিছুমান মিথ্যা নিয়ম প্ৰচলিত হবলৈ আৰম্ভ কৰিছে। সঁচা অৰ্থত কবলৈ গ’লে আমি নিজে এইবোৰ অনৈতিক পৰিবেশ সমূহ সৃষ্টি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ। এতিয়া আমি সৰুৰে পৰা দেখি অহা মতে মহা শিৱৰাত্ৰি দিনাখন প্ৰতিখন শিৱ মন্দিৰ প্ৰাংগনত বা মন্দিৰৰ ওচৰে পাজৰে থকা সৰু সৰু স্থায়ী বা অস্থায়ী দোকান সমূহে মুক্ত ভাবে ভাং, ঘোটাৰ ব্যৱসায়ি আৰম্ভ কৰি থকা দেখিবলৈ পোৱা যায়। কিন্তু ইয়াৰ লগত আমাৰ ধৰ্ম গ্ৰন্থ সমূহত তেনে কোনো তাৎপৰ্য সংলগ্ন থকা দেখিবলৈ পোৱা নাযায়। আনকি আমাৰ ইন্দু ধৰ্ম গ্ৰন্থ শিৱ পুৰাণত এবাৰো কতো উল্লেখিত হোৱা নাই যে,মহাদেৱ শিৱ ভগৱানে ভাং,ঘোটাৰ সেৱন কৰা কথা। আৰু শিৱ পুৰাণত এইটোওঁ উল্লেখ কৰা নাই যে ভাং,ঘোটা আদিৰ দ্ৰব্য মহাদেৱ শিৱৰ অতিকৈ প্ৰিয় বস্তু বুলি। তেন্তে আমি কি আধাৰত শিৱৰাত্ৰি মানেই ভাং,ঘোটাৰ বেপাৰ আৰম্ভ কৰি দিওঁ। আৰু আমাৰ সকলোবোৰ মানুহৰ পৰা নিচাযুক্ত দ্ৰব্যৰ সেৱনৰ বাবে ইমানকৈ সমাদৰ লাভ কৰাৰ আচল তাৎপৰ্যটো কি কোনোবাই ইয়াৰ বিষয়ে জনা বিদগ্ধ পণ্ডিত আছে যদি আমাক ইয়াৰ আচল বিষয়-বস্তবোৰ লিখিত ৰূপত উল্লেখ কৰি দিবচোন ? আমি সদায় যদি সফলতাৰ দিনত আগবাঢ়ি যাবলৈ ইচ্ছা প্ৰকাশ কৰো তেন্তে আগৰ পৰা চলি থকা,মানি অনা অপপ্ৰচাৰ কিছুমান কথা ত্যাগ কৰিলেহে আমি আৰু অধিক দূৰ্ত গতিত আগবাঢ়ি যাবলৈ সক্ষম হ’ম। আপোনালোকে নিজে চিন্তা এটা কৰকচোন ভক্তিৰ লগত কেতিয়াবা নিচাযুক্ত মাদক দ্ৰব্য সমূহ সংলগ্ন হৈ থকাটো কিমান যুক্তিকৰ কথা ? সেয়েহে মহা শিৱৰাত্ৰি দিনাখন পাৰিলে ঠায়ে ঠায়ে মেলা লগায় ভাল ভাল নতুন নতুন উন্নত মানৰ মানুহৰ বাবে লাগতিয়াল বস্তুবোৰৰ ব্যৱসায়ি স্থাপন কৰক। তাতে কাৰো একো আপত্তি জনক কথা নাথাকে। কিন্তু পৰাপক্ষত দেশৰ আৰু নৱপ্ৰজন্মৰ উন্নত ভবিষ্যত নিৰ্মাণৰ স্বাৰ্থত ভাং,ঘোটা আদিৰ দৰে নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন প্ৰতিটো মন্দিৰ প্ৰাংগনত বা প্ৰতিটো ঠাইতে বন্ধ কৰাৰ বাবে আজিৰে পৰা দৃঢ়প্ৰতিজ্ঞাবদ্ধ হওঁ আহক।