শিশু দিৱস আৰু নেহৰু চাচা
ৰাজশ্ৰী শৰ্ম্মা
গোলাঘাট, বনগাঁও
প্রতি বছৰত বিশ্বব্যাপী শিশু দিৱস পালন কৰা হয় ২০ নৱেম্বৰ দিনটোত। এই দিনটোক শৈশব কালৰ দিন হিচাবে ধৰা হয়। ১৯৫৯ চনৰ আগত বিশ্বব্যাপী শিশুদিৱস পালন কৰা হৈছিল অক্টোবৰ মাহত। ইউ এন ৰ সাধাৰন সন্মিলনত প্ৰথম বাৰৰ বাবে ১৯৫৪ চনৰ এই দিনটোক শিশু দিৱস হিচাবে পালন কৰা হৈছিল। বিশেষকৈ এই দিনটো আৰম্ভ কৰা হৈছিল বিভিন্ন সম্প্রদায়ৰ মানুহৰ ল’ৰা ছোৱালীৰ মাজত স্নেহবন্ধন আৰু বুজা-পৰা গড়ি তুলিবলৈ আৰু তাৰ লগে লগেই শিশু সকলৰ মঙ্গলৰ বাবে গোটেই বিশ্বজুৰি শিশুসকলৰ উন্নতিৰ বাবে চেষ্টা কৰিবলৈ। ২০ নৱেম্বৰ তাৰিখটোৱেই বিশেষকৈ বাছি লোৱা হৈছিল কিয়নো এই দিনটো ১৯৫৯ চনৰ দিনটোক আঙুলিয়াই দিছিল যিটো দিনত ইউনাইটেড নেচনচৰ সাধাৰন সন্মিলনত শিশু সকলৰ অধিকাৰৰ ঘোষণা পত্ৰখন গ্ৰহণ কৰা হৈছিল। ১৯৮৯ চনত শিশু সকলৰ অধিকাৰৰ বাবে অধিবেশনখন স্বাক্ষৰিত হৈছিল যিটোক বিশ্বৰ ১৯১ টা দেশে আজীৱণৰ বাবে স্বীকৃতি দিছিল। জেনিভাত অনুষ্ঠিত হোৱা ইন্টাৰনেচনেল ইউনিয়ন ফৰ চাইল্ডৰ তত্বাৱধানত প্ৰথম বাৰৰ বাবে ১৯৫৩ চনৰ ২০ নৱেম্বৰৰ দিনটোত বিশ্বব্যাপী শিশু দিৱস পালন হয়।
কিন্তু ভাৰতত ১৪ নৱেম্বৰ তাৰিখটোত শিশু দিৱস হিচাপে পালন কৰা হয়, কিয়নো এই দিনটো হ’ল কিংবদন্তী স্বাধীনতা সংগ্রামী যুজাৰু আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্রী – পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম বার্ষিকী।নেহেৰুৰ জন্মদিনটোত শিশু দিৱস হিচাবে পালন কৰা হয় তাৰ কাৰণটো হ’ল শিশু সকলৰ প্ৰতি নেহেৰুৰ অকৃত্ৰিম ভালপোৱা আৰু আকাঙ্খা। স্বাধীনতাৰ বাবে তেওঁৰ দীৰ্ঘ সংগ্ৰামৰ পিছত পণ্ডিত নেহেৰুক দেশৰ বিশেষে শিশু প্রধান মন্ত্রী বুলিও অভিহিত কৰা হয়।
আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ। শিশুৱেই হ’ল মানৱ জীৱনৰ আটাইতকৈ সংবেদনশীল অংশ। যি চিৰ সুন্দৰ। শিশু দিৱস শিশুসকলৰ বাবে এক উল্লেখযোগ্য দিন। এই দিনটো শিশুসকলৰ বাবে উৎসর্গিত। শিশুৰ প্ৰতি স্নেহৰ বাবে বিখ্যাত সেইজনা মহান মনিষী, আমাৰ সকলোৰে পৰিচিত স্বাধীন ভাৰতৰ প্রথমজন প্রধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্ম দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুসকলক তেওঁলোকৰ অধিকাৰ, যত্ন আৰু শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি আৰু সৱলীকৰণ কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয় এই দিনটো।
শিশুসকলক ৰাষ্ট্ৰৰ ভৱিষ্যত আৰু কাইলৈৰ নাগৰিক হিচাপে গণ্য কৰি জৱাহৰ লাল নেহৰুৱে কৈছিল যে, ‘আজিৰ সন্তানে কাইলৈৰ ভাৰত গঢ়ি তুলিব। আমি তেওঁলোকক যিধৰণে ডাঙৰ কৰিম সেয়াই দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব।’
শিশু সকলৰ মাজত “চাচা নেহৰু” নামেৰে খ্যাত পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত এলাহাবাদৰ আনন্দ ভৱনত। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাকৰ নাম আছিল স্বৰুপা ৰাণী। নেহৰু আছিল তেওঁলোকৰ একমাত্র সন্তান। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধান মন্ত্রী হিচাপে নিবাচিত হৈ কাযনিৰ্বাহ কৰা পাছত ১৯৬৪ চনৰ ২৭ মে’ ত এই মহান নেতাজনে ইহলীলা সম্বৰণ কৰে। এই দিনটো “শিশু দিৱস ” হিচাপে পালন কৰাৰ প্ৰধান তাপৰ্য্য হ’ল- শিশুসকলৰ প্ৰতি থকা নেহেৰুৰ অকৃত্ৰিম ভালপোৱা আৰু আকাংক্ষা। নেহেৰুৱে কৈছিল ” আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। তেওঁলোকৰ সবতোপ্ৰকাৰে উন্নতিৰ কাৰণে আমি সদায় যত্ন পৰ হব লাগে। শিশু সকলক নেহৰুৱে বাগিচাৰ ফুলৰ কলিৰ লগতো তুলনা কৰিছিল। সিহঁতক সম্পূৰ্ণৰূ আৰু ভালপোৱাৰে ডাঙৰ হ’বলৈ দিয়া উচিত বুলি মন্তব্য কৰিছিল। তেওঁ ১৯৫৫চনত কেৱল শিশুৰ বাবে চিল্ডাৰছ ফিল্ম ছ’চাইটি ইণ্ডিয়া স্থাপন কৰিছিল। উক্ত দিনটো শিশু দিৱস হিচাপে উদযাপন কৰাবাবে ইচ্ছাকৃত হৈছিল। ১৯৫৬ চনৰ পৰা ভাৰতবৰ্ষত ২০ নৱেম্বৰত শিশু দিৱস উদযাপন কৰা হৈছিল যদিও জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ পিছত ভাৰতীয় সংসদে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম জয়ন্তীক শিশু দিৱস হিচাপে পালন কৰাৰ এক প্ৰস্তাৱ গৃহীত কৰে। এনে কৰাৰ কাৰণ আছিল নেহৰুৱে শিশুৰ শৈক্ষিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে অহোপুৰুষাৰ্থ ভাৱে কাম কৰিছিল। উল্লেখযোগ্য যে নেহৰুৱেই আছিল একমাত্র প্রধানমন্ত্রী যি শিশুৰ বাবে নিজৰ জীৱনৰ সৰহভাগ সময় নিয়োজিত কৰিছিল।
নেহৰুৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু শিশু সকলৰ প্ৰতি তেওঁৰ ভালপোৱাৰ বাবেই তেওঁৰ জন্ম দিনটোত আমাৰ দেশত শিশু দিৱস হিচাবে পালন কৰা হয়। এই দিনটো আমাৰ প্ৰত্যেককেই শিশুসকলৰ মঙ্গলৰ বাবে কৰা আমাৰ অঙ্গীকাৰৰ কথা মনত পেলায় আৰু তেওঁলোকক চাচা নেহৰুৰ গুনাগুণ আৰু সপোনক সাকাৰ কৰিবলৈ শিকায়।
কিন্তু এই সকলোবিলাক সমাৰোহ আৰু আনন্দৰ ভিতৰতো আমি চাচা নেহেৰুৰ প্ৰকৃত চিন্তা ধাৰাটো এৰাই যাব নোৱাৰো। সেইটো হ’ল আমাৰ শিশু সকলক এটা নিৰাপদ আৰু ভালপোৱাৰ পৰিবেশত বাঢ়িব দি লগতে এটা সমান্তৰাল সুযোগ তেওঁলোকৰ সন্মুখত থিয় কৰাই তেওঁলোকক দেশৰ হিতত, উন্নতি আৰু অগ্ৰগতিৰ বাবে সচেষ্ট কৰি তোলা। এই দিনটো আমাৰ প্রত্যেককে সেই দায়িত্বৰ প্ৰতি সজাগ কৰি তোলাৰ ক্ষেত্ৰত এটা মনত পেলোৱাৰ দিন বুলি কব পাৰি, যাতে আমি আমাৰ কৰ্তব্যৰ প্রতি দৃঢ় থাকো আৰু শিশু সকলক চাচা নেহৰুৱে দেখুৱাই দিয়া বাটত আগবঢ়াই নিব পাৰো।