শিশু আৰু মহিলা কল্যাণ সমিতি, মহিলা আৰু শিশু বিনোদন কেন্দ্ৰৰ উদ্যোগত আৰু ব্যতিক্ৰম গোষ্ঠীৰ সহযোগত শিশু দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- শিশু আৰু মহিলা কল্যাণ সমিতি, মহিলা আৰু শিশু বিনোদন কেন্দ্ৰৰ উদ্যোগত আৰু ব্যতিক্ৰম গোষ্ঠীৰ সহযোগত ১৪ নভেম্বৰ তাৰিখে সমিতিৰ কাৰ্যালয় প্রাংগনত বিয়লি ২.০০ বজাৰ পৰা শিশু দিৱস উপলক্ষে এটি অনুষ্ঠানৰ আয়োজন কৰা হয়।
অনুষ্ঠানটিত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজ সেৱক শংঙ্কলাল গোৱেংকা, উইনটব চিকিৎসালয় স্বতাধিকাৰ ড° ত্রিদিপ বৰুৱা, প্রাক্তন চেয়াৰমেন, অসম ৰাজ্যিক মহিলা আয়োগ কল্যাণী দাস, ব্যতিক্রম গোষ্ঠীৰ সভাপতি ড° সৌমেন ভাৰতীয়া, মহা প্রবন্ধক শ্যামল ভট্টাচার্য্য, বিশিষ্ট গায়িকা কুইন দাস, নিউমোৰলজিস্ট ড° কৰবী বেজবৰুৱা, জেউতি বাণিক্য, কৃষ্ণা বৰুৱা প্রমুখ।
আৰম্ভীন ভাষণত কৃষ্ণা বৰুৱাই অনুষ্ঠানটিৰ শলাগ লোৱাৰ লগতে কয় যে, “শিশুসকলে আমাৰ সমাজৰ মূল শিলাস্তম্ভ, উজ্জ্বল ভৱিষ্যতৰ চাবিকাঠি ধৰি ৰাখিছে। তেওঁলোকৰ হাঁহি, সৃষ্টিশীলতা আৰু সীমাহীন শক্তিৰ আমাৰ পৃথিৱীখনক নতুনকৈ ৰূপান্তৰিত কৰাৰ সময়ত আহক আমি আমাৰ সন্তানসকলক নিন্মোক্ত বিষয়সমূহ প্রদান কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰোঁ।”
উক্ত অনুষ্ঠানটি সুকলমে অনুষ্ঠিত কৰাত সহায় কৰিছিল কল্যাণী নিবাসৰ আৱাসী দ্বাদশ শ্ৰেনীৰ ছাত্ৰী হিচী মাৰণ্ডি। শিশু দিৱস উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানটিত বিশেষ আকর্ষণ হিচাপে বিশিষ্ট অতিথি ৰূপে আমন্ত্ৰণ কৰিছিল উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰী নেহা কলিতা। অনুষ্ঠানটিত কল্যানী নিৱাস, লৰাৰ মুক্তগৃহ, শিশুগৃহ আৰু বিশেষ ভাৱে সক্ষম আশানীৰ আবাসী শিশুসকলৰ মাজত শিশু দিৱস উপলক্ষে অনুষ্ঠিত কৰা বিভিন্ন প্রতিযোগিতা সমূহৰ বঁটা বিতৰন কৰা লগতে এখন সজাগতা সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে কল্যাণী নিবাসৰ আবাসী সকলৰ দ্বাৰা পৰিবেশন কৰা এটি প্রার্থনাৰে। তাৰপাছতে কল্যাণী নিবাস, শিশুগৃহ, লৰাৰ মুক্ত আবাস আৰু আশানীড় শিশুসকলে তেওঁলোকৰ প্ৰতিভা প্রদর্শন কৰে।
পুৰস্কাৰ বিতৰণ কৰি থকাৰ মাজতে সমাজ সেৱাৰ শংঙ্কলাল গোৱেংকা কয়, “অনুষ্ঠানত উপস্থিত হ’বলৈ পাই মই আনন্দিত হৈছো। শিশু দিৱস উদযাপন কৰাৰ সময়ত আপোনালোকৰ আগত এটা প্রতিশ্রুতি দিব বিচাৰিছো এই সংস্থাটোত মই মোৰ সামৰ্থ্য অনুসৰি সহায় কৰিম।”
অনুষ্ঠানটিত ২০২৪ শিক্ষাবৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতক পৰ্যায়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ভাবনা বৈশ্য আৰ ইতিহাস বিভাগৰ ৰিমলি বৰা কৃতিত্ব লাভ কৰা ছাত্ৰী দুগৰাকীক বঁটাৰে সন্মানিত কৰা হয়।
অনুষ্ঠানটোৰ সম্পৰ্কে ড° সৌমেন ভাৰতীয়াই কয় যে, “আজি অনুষ্ঠানটো আয়োজন কৰি মই খুবে আনন্দিত হৈছোঁ কাৰণ মই অনুভৱ কৰোঁ শিশুসকল আমাৰ দেশৰ হৃদস্পন্দন, উজ্জ্বল কাইলৈৰ আশা আৰু সীমাহীন উন্নতিৰ সম্ভাৱনা। বর্তমান সমাজত যি পৰিবেশৰ হৈছে সেই পৰিবেশত সজাগতাৰ খুবে প্রয়োজন। শিশু সকলক তেওঁলোকক প্রাপ্য লালন-পালন কৰা পৰিৱেশ প্রদান কৰাত আমি দায়বদ্ধ। অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য হ’ল শিশুৰ অধিকাৰ, প্ৰয়োজন আৰু কল্যাণৰ বিষয়ে সজাগতা সৃষ্টি কৰা। এই উদ্দেশ্য আগত ৰাখি আগন্তুক দিনত আমি শিশু সুৰক্ষাৰ ওপৰত কাম কৰি যাম।”