শিশুৰ অশালীন ভিডিঅ’ চোৱা আৰু ডাউনলোড কৰাটো গুৰুতৰ অপৰাধ
ৰঙিলী বাৰ্ত্তাসেৱা- কেৱল আদান প্ৰদান বা আপলোড কৰাই নহয়। শিশুৰ আপত্তিজনক ভিডিঅ’ চোৱা বা মোবাইল, লেপটপৰ দৰে যিকোনো ডিভাইচ সংৰক্ষণ কৰাটোও প’ক্স’ আইনৰ অধীনত এক অপৰাধ। দেশৰ শীর্ষ আদালতে এই ৰায়দান কৰিছে। শিশু নির্যাতন প্ৰতিৰোধত উচ্চতম ন্যায়ালয়ৰ এই নির্দেশ এটা গুৰুত্বপূর্ণ মাইলফলক বুলি মন্তব্য কৰিছে বিভিন্ন মহলে। মাদ্রাজ উচ্চ ন্যায়ালয়ৰ শেহতীয়া এক ৰায়ত স্থগিতাদেশ দি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি রাই চন্দ্রচূড় আৰু ন্যায়াধীশ জে বি পার্ডিৱালাৰ বিচাৰপীঠে এই ৰায়দান কৰিছে । বিচাৰপীঠখনে কয় যে শিশু পর্ন’গ্রাফী চোৱা আৰু ফোনত ডাউনলোড কৰি ৰখা দুয়োটাই শাস্তিযোগ্য অপৰাধ। পকছ’ আইনৰ অধীনত এই দুয়োটা অপৰাধৰ বাবে শাস্তি আছে।উল্লেখ্য যে, এজন ২৮ বছৰীয়া যুৱকৰ বিৰুদ্ধে শিশু পৰ্ণগ্ৰাফী চোৱা আৰু নিজৰ ফোনত ডাউনলোড কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগ দাখিল হোৱাৰ পিছতে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অভিযুক্তই। এই আবেদনৰ পিছতে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে লোকজনৰ বিৰুদ্ধে চলি থকা অপৰাধমূলক কাৰ্য্যবিধি বাতিল কৰে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিজৰ ৰায়ত কয় যে তথ্য প্ৰযুক্তি আইনৰ ৬৭বি ধাৰা অনুসৰি শিশুৰ যৌন সম্পৰ্কীয় সামগ্ৰী প্ৰকাশ, ভাগ-বতৰা বা সৃষ্টি কৰাটো অপৰাধ। কিন্তু কেৱল সেই ছবিখন দেখা বা ৰাখিলে অপৰাধ নহয়। উচ্চ ন্যায়ালয়ৰ এই যুক্তিৰ ভিত্তিত অভিযুক্তক দোষমুক্ত কৰা হয়। কিন্তু মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে সমগ্ৰ দেশতে সমালোচনাৰ সৃষ্টি হয়। উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই কেইবাটাও গোচৰ ৰুজু হয় উচ্চতম ন্যায়ালয়ত। সেই প্ৰসংগত উচ্চতম ন্যায়ালয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়ক “গুৰুতৰভাৱে ত্ৰুটিপূৰ্ণ” বুলি অভিহিত কৰে আৰু শিশু পৰ্ণগ্ৰাফী চোৱা বা সংৰক্ষণ কৰাটোও প’ক্স’ আইনৰ অধীনত অপৰাধ বুলি মন্তব্য কৰে। ইফালে উচ্চতম ন্যায়ালয়ৰ এই প্ৰতিক্ৰিয়াৰ পিছতে মাদ্ৰাজ উচ্চ ন্যায়ালয়েও আবেদনকাৰীৰ বিৰুদ্ধে পুনৰ অপৰাধমূলক কাৰ্য্যবিধি আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক আদৰণি জনাইছে বিভিন্ন দল-সংগঠনে।