শিলচৰত ৩২ সংখ্যক গ্ৰন্থমেলাৰ শুভ আৰম্ভণি

শিলচৰত ৩২ সংখ্যক গ্ৰন্থমেলাৰ শুভ আৰম্ভণি

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে বহু প্ৰত্যাশিত ৩২ সংখ্যক শিলচৰ গ্ৰন্থমেলাৰ শুভ আৰম্ভণি কৰা হয়। গ্ৰন্থমেলা সমিতিৰ উদ্যোগত শিলচৰৰ চাৰ্কিট হাউচ ৰোডৰ বিপিন চন্দ্ৰ পাল সভা খেলপথাৰত বন্তি প্ৰজ্বলনেৰে ইয়াৰ উদ্বোধন কৰে ভাৰত সেৱাশ্ৰম সংঘৰ স্বামী গুণসিন্ধু জী মহাৰাজে । তেওঁ গ্ৰন্থমেলাৰ আয়োজকসকলক প্রশংসা কৰি কয় যে গ্রন্থমেলাৰ জৰিয়তে আমি বহু কথা শিকিব পাৰো। আমি এতিয়া কিতাপ আৰু আলোচনী পঢ়িবলৈ নিবিচাৰোঁ। ইন্টাৰনেট জৰিয়তে অনলাইন পঢ়াৰ প্ৰচলন হৈছে। কিন্তু এয়া উচিত নহয়। নতুন প্রজন্মই নিজৰ মাতৃভাষাৰ গ্ৰন্থ পড়া উচিত। তদুপৰি কিতাপ কিনা আৰু উপহাৰ দিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ মাতৃভাষা শিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। কাছাৰৰ সহকাৰী আয়ুক্ত ৱাই আই ওজুকুমে গ্রন্থ পঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, কিতাপ পঢ়াই মানুহক সম্পূৰ্ণ কৰি তোলে। কেৱল ইণ্টাৰনেটে উদ্দেশ্য সাধন নকৰে। কিতাপ মূল্যৱান নথি। কিতাপৰ বিকল্প নাই। আকছাৰ প্ৰাক্তন ছাত্র নেতা প্রদীপ দত্ত ৰয়ে কয় যে মানুহৰ মাজত কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ কমি যোৱাটো অতি দুখৰ বিষয়। বিশেষকৈ মোবাইল আৰু ইণ্টাৰনেটৰ প্ৰভাৱত যুৱ সমাজে যিদৰে কিতাপৰ পৰা আঁতৰি আহিছে সেয়া ভৱিষ্যত প্ৰজন্মৰ বাবে এক অশুভ সংকেত। গ্রন্থমেলা সমিতিৰ সভানেত্রী স্বর্ণালী চৌধুৰীয়ে কয় যে, গ্রন্থমেলাখন অব্যাহত ৰখাটো গুৰুত্বপূৰ্ণ। আশাকৰোঁ মানুহে আহি গ্রন্থ কিনিব। নৱপ্ৰজন্মেও কিতাপ পঢ়িব লাগে। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত এটি কবিতাও আবৃত্তি কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ শিলচৰ ইউনিটৰ বিষয়া পন্থাথিৱী সিঙে প্রাসংগিক ভাষণত গ্রন্থ পঢ়াত গুৰুত্ব আৰোপ কৰে। উদ্বোধনী অনুষ্ঠানত গ্রন্থমেলা সমিতিৰ চেয়াৰমেন জ্যেষ্ঠ সাংবাদিক হারাণ দেই সভাপতিত্ব কৰে। তেওঁ সকলোকে প্রতিদিনে মেলা দর্শন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে মেলাখন ১২ দিন অর্থাৎ ২ ডিচেম্বৰলৈকে চলিব। মেলাৰ সাধাৰণ সম্পাদক বিপ্লৱ পাল চৌধুৰী, দুই সহকাৰী সম্পাদক গৌতম তালুকদাৰ আৰু বাহাৰ উদ্দিন চৌধুৰীকে ধৰি মুকলি সভাখনত বিশিষ্ট কবি কস্তুৰী হোম চৌধুৰী আৰু বিধায়কৰ প্ৰতিনিধি বীৰেন বেনাৰ্জী উপস্থিত আছিল।