শিয়ালৰ বাট আকাশীলতাৰ হাট
ৰুমী কলিতা দত্ত
কেন্দুগুৰি
শিয়ালৰ ঘাট আকাশীলতাৰ হাট
আৰু এটা দীঘল লুংলুঙীয়া বাট
তাতেই ফুলে এপাহ চিকচিকিয়া ৰঙা গোলাপ ।
বন্দীময় উজাগৰী নিশাবোৰে
তাতেই মুক্ত পৃথিৱীখন বিচাৰি বিচাৰি
শান্তিৰে উশাহ-নিশাহ লয় ।
নৱ প্ৰভাতে পোৰা কলিজাৰ দাগবোৰ মচি
সময়ৰ সোঁতত আঁকি যায় এখন আলোকচিত্ৰ
বসন্ত ফুলৰ গোন্ধ সিঁচি ।
কলিজাত সপোনে গেৰ ধৰে সংগোপনে
প্ৰবাহিত সময়ৰ নাওখনে গতি কৰে,
দুয়ো হাতৰ স্পৰ্শত পদুম ফুলি উঠে ।
উজ্জ্বল হৈ পৰে ৰ’দজাক
শুনো কেতেকীৰ বিৰহী গীত
সেউজীয়া অৰণ্যৰ নদী-নিজৰাই
স্মৃতিৰ কেঁকুৰিটোক কৰে আকৰ্ষিত ।
উন্মনা মেঘবোৰে কৰে বজ্ৰনিনাদ
শৰীৰ-হৃদয় আৰু শব্দ লগ হৈ
ক’লা চুলিটাৰিত সানে ৰূপালী আবিৰ
আশা-প্ৰত্যাশা,সমগ্ৰ সত্তাই
পিন্ধাই দিয়ে প্ৰিয় বগা সাজযোৰ।
পাহাৰ-ভৈয়ামত খোজৰ শব্দ
বুকুৰ উম লৈ নামে নতুন সুৰুয
স্বাৰ্থপৰ পৃথিৱীত এখোজ এখোজকৈ
দিনবোৰ তলা মাৰি থোৱা এটা চন্দুক।