শিমলু ফুল
আয়নাল হক, ধুবুৰী
শিমলু…
ৰক্তিম শোভাৰে
আকাশ উজ্বলাই
ফুলি ৰ’লি তই দুচকু ভৰাই।
নিজস্ব সময়েৰে প্ৰস্ফুটিত হৈ
কবিৰ প্ৰাণত তোল
কাব্যিক অনুকম্পা।
দৃষ্টি-নন্দন তোৰ ৰাঙলী আভাই
ফাগুন-বনত আনে
বিজয় উল্লাস।
শিমলু,
প্ৰকৃতিৰ মনোৰম কোলাত
তোৰ এই মনোমোহা জেউতিক
কোনে অস্বীকাৰ কৰিব ?
যদিও তই পূজাত নালাগ
তোৰ সান্নিধ্যত হৃদয় ভৰে।
ৰূপৰ পোহাৰত
তই অপৰূপা শিমলু
তোৰ উৰণীয়া তুলাৰ দৰে
ফাগুনৰ পছোৱাই
মন উৰায় ঘনে ঘনে।
আশাবোৰ সিঁচি দি
তই চাগে দিব খোজ
বসন্তৰ আগমনৰ বাতৰি।
শিমলু,
আকাশ ৰাঙলী কৰি
ফুলি ৰ’বি তই
দুচকুৰ স্বপ্ন ভৰাই…।