শিক্ষিত নে জ্ঞানী
মিনাক্ষী হাজৰিকা, দেওমৰনৈ
শিক্ষিত নে জ্ঞানী
হয় জানো শিক্ষিত
শিক্ষা থাকিলেই জানো
কব পাৰি শিক্ষিত।
জনসমুদ্রৰ ভিৰৰ মাজত
নিজক বিচাৰি নোপোৱা
এইখন পৃথিৱীতেই
প্ৰতিদিনে দেখা পাওঁ,
ধৰ্ষণৰ বলি হোৱা শিশুৰ মৃতদেহ।
প্ৰতিদিনে দেখা পাওঁ
মানৱৰূপী দানৱৰ অত্যাচাৰ।
সহিব নোৱাৰা দুৰ্ভগীয়াৰ কৰুণ বিননি।
এতিয়াও জানো কম
আমি যে উচ্চ ডিগ্রীধাৰী শিক্ষিত।
শিক্ষিত নে জ্ঞানী
হয় জানো শিক্ষিত
জনসমুদ্রৰ ভিৰৰ মাজত
নিজক বিচাৰি নোপোৱা
এইখন পৃথিৱীতেই
প্ৰতিদিনে দেখা পাওঁ,
ভগৱানৰূপী মানুহৰ সহায়ৰ হাত।
বুজিবলৈ চেষ্টা কৰো
অশিক্ষিত লোকৰ জ্ঞানৰ পৰিভাষা।
হয়তো কব পাৰোঁ
শিক্ষিত মানেই যে জ্ঞানী নহয়
হয়তো কব পাৰোঁ
জ্ঞানী হবলৈ যে
শিক্ষিত নহলেও হয়।