শিক্ষা বিভাগ আৰু গৃহ বিভাগত এইবোৰ কি?-ব্ৰজ গোস্বামী
শিক্ষা আৰু গৃহ বিভাগ– এই বিভাগ দুয়োতা হৈছে আমাৰ শৰীৰৰ মগজু আৰু ৰাজহাড় বা মেৰুদণ্ডৰ দৰে। শিক্ষা বিভাৰক মগজু আৰু গৃহ বিভাগক মেৰু দণ্ড বুলি কব পাৰি। মগজুৱে যেনেকৈ গোটেই শৰীৰটোকেই পৰিচালনা কৰে, তেনেদৰে শিক্ষা ব্যৱস্থায়ো গোটেই সমাজখনকে পৰিচালনা কৰে। আনহাতে মেৰুদণ্ডই শৰীৰটো পোন আৰু মজবুত হৈ থাকি সকলো কাৰ্য সম্পাদন কৰাত সহায় কৰে, সেইদৰে গৃহ বিভাগটোৱেও গোটেই সমাজখনকে সকলো ফালৰ পৰা সুৰক্ষা প্ৰদান কৰি গোটেই সমাজ ব্যৱস্থাটোকেই সুস্থ, সৱল, সংস্কৃতিৱান আৰু সুস্থিৰ কৰি ৰাখে।
শিক্ষা ব্যৱস্থাটোৱে শিশু অৱস্থাৰ পৰাই এগৰাকী ব্যক্তিক সু-শিক্ষাৰে জ্ঞান সঞ্চাৰণ কৰি জীৱনত এজন উপযুক্ত নাগৰিক হিচাপে প্ৰতিষ্ঠিত হোৱাত সহায় কৰে আৰn গৃহ বিভাগে সকলো লোককে সমাজত স্বাধীন নাগৰিক হিচাপে মুক্ত মনেৰে, শান্তিৰে আৰু সুচাৰুৰূপে সকলো কাৰ্য সম্পাদন কৰিবলৈ ৰক্ষণাবেক্ষণ দি সাংবাদিক বৈধতা প্ৰদান কৰে। লগতে মনৱ সমাজৰ অন্যায়-অবিচাৰবিলাক দুৰ কৰি সমাজখনক সুস্থিৰতা প্ৰদান কৰে। এই দুয়োটা বিভাগ অবিহনে দেশ বা ৰাজ্য বা কোনো সমাজ আগ বাঢ়ি যাব নোৱাৰে বা শ্বিত এটা সুসভ্য জাতি হিচাপে পৰিচয় দিব নোৱাৰে। যেতিয়া বিভাগ দুটা দুৰ্বল হৈ পৰে সমাজত নানান বিসংগতি আৰু বিশৃংখলতাই দেখা দিয়ে। শন্তি-সম্প্ৰীতি বিনষ্ট হয়। অসুয়া-অশান্তি বৃদ্ধি পায়।
বৰ্তমান আমাৰ দেশৰ শিক্ষা ব্যৱস্থাটো ইমানেই ক্ৰুটিপূৰ্ণ আৰু প্ৰদূষিত হৈছে যে ই গোটেই সমাজখনকে লাহে লাহে ‘পংগু’ কৰি নি আছে। স্বাধীনতাৰ আগলৈকে আমাৰ শিক্ষা ব্যৱস্থা যথেষ্ট নিকা-স্ব২৬ আছিল। লাহে লাহে এচাম ৰাজনীতিবিদে শিক্ষা বিভাগটোক ৰাজনীতিকৰণ কৰাৰ ফলত এচাম দুৰ্নীতিপৰায়ণ শিক্ষা বিষয়াৰ দুৰ্নীতিৰ বাবে এনেকুৱা কিছুমান লোক শিক্ষক হ’বলৈ পাইছে যাৰ ফলত শিক্ষা বিভাগটো মূৰৰ পৰা গেলিবলৈ ধৰিছে। আজি ছাত্ৰ সমাজৰ মাজত নানান উশৃংখলতাই দেখা দিছে। পঢ়ে পঢ়ুৱৈ, ৰোৱে পাণ, ই তিনি নিচিন্তে আন’ বোলা আৰু অপবাক্যষাৰি আজি প্ৰাসংগিক হৈ পৰিছে। আজিকালি শিক্ষকসকলৰো শিকোৱাৰ মনোভাৱৰ অভাৱ আৰু শিক্ষাৰ্থীসকলৰো শিকাৰ আগ্ৰহ দেখা গৈছে। শিক্ষকসকলৰ মাজত ব্যৱসায়িক মনোভাৱ আৰু ছাত্ৰসকলৰ মাজত জ্ঞান আহৰণতকৈ নম্বৰ আহৰণৰ মনোভাৱ জাগ্ৰত হোৱাৰ ফলত শিক্ষিতৰ সংখ্যা বাঢ়িছে যদিও গুণগত মানৱ সম্পদ গঢ়াৰ পৰিবৰ্তে কিছুমান বিকৃত ৰুচিৰ মানৱ সম্পদ গঢ় লৈ উঠিছে। যাৰ ফলত অশিক্ষিতবিলাকতকৈ শিক্ষিতৰ মাজত দুৰ্নীতি, অনিয়ম-অবিচাৰ, উশৃংখলতা স্বে২৬াৰীতাৰ পয়োভৰ দেখা গৈছে। কিছুমানে শিক্ষাৰ নামত ব্যৱসায় আৰম্ভ কৰিছে। আমাৰ দেশৰ শিক্ষা ব্যৱস্থাটো গছৰ গুড়িত পানী দিয়াতকৈ পাতত পানী দিয়াৰ ব্যৱস্থাহে, যিটো বিদেশৰ উন্নত দেশবোৰত ওলোটা। বিদেশৰ উন্নত দেশবোৰে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাত যিমান বেছি গুৰুত্ব দিয়ে, আমাৰ দেশৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাক সিমান অৱহেলা কৰা হয়। প্ৰাথমিক পৰ্যায়ত শিক্ষক নিযুক্তিত যথেষ্ট অনিয়ম কৰা হয়, ফলত ছাত্ৰ-ছাত্ৰীসকল প্ৰাথমিক পৰ্যায়ৰ পৰাই ভুল পথে আগ বাঢ়ে। ওপৰলৈ আগবাঢ়ে মানে দিগভ্ৰান্ত হৈ পৰে।
শিক্ষা বিভাগটোৰ দৰে গৃহ বিভাগটোতো চৰকাৰে যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব দিয়া দেখা নাযায়। গৃহ বিভাগৰো আৰক্ষী বিভাগটোত আৰক্ষী নিযুক্তিৰ যথেষ্ট অনিয়ম কৰাৰ ফলত এই বিভাগটোও মূৰৰ পৰাই গেলিবলৈ ধৰিছে। দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অনিয়মে এই বিভাগটো কোঙা কৰি পেলাইছে। আৰক্ষী বিভাগে সমাজখনক সকলো প্ৰকাৰে দুৰ্নীতিমুক্ত কৰাৰ পৰিবৰ্তে সেইসকলেই দুৰ্নীতিৰ বোকাত চাৰিওফালৰ পৰা লেটিপেটি হৈ পৰিছে। সদায় আৰক্ষীৰ দ্বাৰা সংঘটিত নানা দুৰ্নীতিৰ বাতৰি পোৱা যায়। আৰক্ষীৰ দ্বাৰা ধøণ, আৰক্ষীৰ দ্বাৰা চুৰি-ডকাইটি, আৰক্ষীৰ দ্বাৰা হত্যা, আৰক্ষীৰ দ্বাৰা ধন দাবীকে ধৰি প্ৰত্যেকটো ক্ষেত্ৰতে আৰক্ষীৰ লোক জড়িত থকা দেখা গৈছে। শেহতীয়াকৈ আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাৰ্যতো আৰক্ষীৰেই উচ্চ পৰ্যায়ৰ বিষয়া জড়িত থকাৰ অভিযোগ উঠিছে। এই এটা মাত্ৰ উদাহৰণহে। এনেকুৱা অজস্ৰ দুৰ্নীতি আৰক্ষীৰ দ্বাৰা সংঘটিত হৈ আছে। ইয়াৰ মাজতে দুই এজন সৎ, নিকা আৰক্ষীৰ লোকো নোহোৱা নহয় যদিও তেওঁলোকো এই কলংকৰ পৰা মুক্ত হ’ব নোৱাৰে। ঠাই পৰিস্কাৰ কৰা ঝাৰুডালতে যেতিয়া লেতেৰা লাগি থাকে, সেই ঝাৰুৰে ঠাই কেনেকৈ পৰিস্কাৰ হ’ব· আমাৰ দেশত বৰ্তমান দেখা দিয়া হত্যা, লুন্ঠন, নাৰী অপহৰণ, শিশু অপহৰণ আদিকে ধৰি দৈনিক ঘনাই ঘটি থকা এই দুস্কাৰ্যবিলাকৰ মূলতে এই বিভাগ দুটাৰ দুৰ্বলতা আৰু নি¿¦য়তা। ভূপেন হাজৰিকাই তেওঁ গীতত আমি বৰ্তমান বিশ্বৰ শৰীৰত পংগু অংগহে হৈছো। মগজুহীন আৰু মেৰুদণ্ডহীন জাতি এটা পংগু হ’বই।