‘শিক্ষা আৰু গৱেষণাত অসমৰ জাতীয় উৎসৱ বিহু’ শীৰ্ষক বক্তৃতানুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- মাজ – জালুকবাৰী সাহিত্য সভাই পিতৃ প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে অইন বছৰৰ দৰে এই বছৰো “শিক্ষা আৰু গৱেষণাত অসমৰ জাতীয় উৎসৱ বিহু” শীৰ্ষক এক স্মাৰক বক্তৃতা আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰে৷ড° ময়ুৰী শৰ্মাৰ বৰগীতেৰ আৰম্ভ হোৱা কাৰ্য্যক্ৰমৰ প্ৰাৰম্ভণিতে প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে তেওঁৰ প্ৰিয় ছাত্ৰ তথা ধৰণীধৰ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিটুমণি শৰ্মা আৰু ড° সত্যজিৎ দাসে । ইয়াৰ পাছতে স্মাৰক বক্তৃতা অনুষ্ঠানটো উদ্বোধন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° দীপক কুমাৰ শৰ্মাই । বিষয় বস্তুৰ ওপৰত বক্তৃতা প্ৰদান কৰে গু. বি. যন্ত্ৰ বিজ্ঞান বিভাগৰ অধ্যাপক ড° দেবাশীষ শইকীয়া আৰু বিশিষ্ট প্ৰগতিশীল লেখক, সমালোচক মুকুট শৰ্মাই। অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড° জগদীশ পাটগীৰিয়ে সন্মানিত অতিথি হিচাপে আলোচনাত উপস্থিত থাকে। সভাত পৰিয়াল বৰ্গৰ হৈ পুত্ৰ ড° প্ৰশান্ত শৰ্মা, বোৱাৰী মনিৰূপা মিশ্ৰ আৰু ভাগিন কুমৰেন্দ্ৰ শৰ্মাই চমু ভাষণ আগবঢ়ায় । অনুষ্ঠানত ড° ভূপেন্দ্ৰ নাথ শৰ্মা, নিশিগন্ধা চেতিয়া, ইৰাৱতী গগৈ, কল্পনা কোঁৱৰ, আইৰিন চেতিয়াই বিষয় বস্তুৰ সৈতে সংগতি ৰাখি বিহু সুৰীয়া গীত-মাত পৰিৱেশন কৰে । সমজুৱাৰ ভাষণত ড° সত্যজিৎ দাস, গীৰেন চৰকাৰ আৰু হৰমোহন দাসে আলোচ্য বিষয় বস্তুৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে আৰু মাজ জালুকবাৰী সাহিত্য সভাই লোৱা এনে প্ৰচেষ্টাৰ শলাগ লয়। শাখা সাহিত্য সভাৰ সভাপতি তাহেৰউদ্দিন আহমেদৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আদিতে অভ্যাগত সকলক আদৰণি জনায় সম্পাদক নীৰেনে চন্দ্ৰ বৈশ্যই ।