শিক্ষাৰ্থীৰ ছুৰীৰ আঘাতত প্ৰাণ হেৰুৱালে অধ্যক্ষই

শিক্ষাৰ্থীৰ ছুৰীৰ আঘাতত প্ৰাণ হেৰুৱালে অধ্যক্ষই

ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰত সংঘটিত হৈছে শৈক্ষিক সমাজক লজ্জাজনক কৰা এক ঘটনা ৷ শিক্ষাৰ্থীৰ ছুৰীৰ আঘাতত প্ৰাণ হেৰুৱালে অধ্যক্ষই। শিৱসাগৰ চহৰৰ লখিমীনগৰৰ বি জি ৰোডত অৱস্থিত ছাই বিকাশ একাডেমিত সংঘটিত হৈছে এই জঘন্য কাণ্ড ৷ এইবাৰ কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে NEET আৰু JEE ক্ৰেক কৰাৰ বাবে শিৱসাগৰত জনাজাত হৈছিল ছাই বিকাশ একাডেমী। সেই ছাই বিকাশ একাডেমিত ছাই সানিলে একাদশ শ্ৰেণীৰ এজন ছাত্ৰই। পঢ়া শুনাত নিয়মীয়া নাছিল ছাত্ৰজন। শ্ৰেণীকোঠাতো উপস্থিতি আছিল অনিয়মীয়া। শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীৰ পৰা জানিব পৰা মতে, অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেই ছাই বিকাশ শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্রজনে ছুৰী মাৰি হত্যা কৰে বিজ্ঞানৰ শিক্ষক তথা প্ৰশাসনিক মুৰব্বী ৰাজেশ বাবুক । শনিবাৰে দুপৰীয়া গণিত বিষয়ৰ শ্ৰেণীত মনোযোগ নিদিয়াৰ বাবে ধমকি দি শ্ৰেণীৰ পৰা উলিয়াই দিলে ছাত্ৰজনক।ইয়াৰ পিছতে ছাত্ৰজনে ঘৰলৈ গৈ ইউনিফৰ্ম সলাই পুনৰ শিক্ষানুষ্ঠানলৈ আহে । বিয়লি প্ৰায় ৩.৩০ বজাত শিক্ষক ৰাজেশ বাবুৱে ৰসায়ন বিভাগৰ পাঠদান কৰি থকাৰ সময়তে পুনৰ ছাত্ৰজনে আহি প্ৰৱেশ কৰাত ৰাজেশ বাবুৱে শিক্ষার্থীগৰাকীক এই সম্পৰ্কত প্রশ্ন কৰাৰ লগতে অনুমতিবিহীনভাৱে শ্রেণীকোঠাত প্ৰৱেশ কৰা সন্দৰ্ভত প্ৰশ্ন কৰে। ইয়াকে লৈ ঘাতক ছাত্রজনে চিঞৰি চিঞৰি ময়ো সমানেই পইচা দিছোঁ, মোকো গুৰুত্ব দিব লাগিব বুলি শিক্ষকগৰাকীৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ লগতে গোপনে লৈ অনা ছুৰীৰে উপর্যুপৰি বুকুত আঘাত কৰে।বুকুৰ কেইবাটাও স্থানত ধৰাল ছুৰীৰে আঘাত কৰাৰ ফলত শিক্ষকগৰাকী শ্ৰেণীকোঠাৰ ভিতৰতেই ঢলি পৰে। লগে লগে শিক্ষাৰ্থীসকলৰ চিঞৰ-বাখৰ শুনি সতীর্থ আন শিক্ষকসকলৰ লগতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ ৰক্তাক্ত হৈ পৰা ৰাজেশ বাবুক এখন ব্যক্তিগত বাহনেৰে নগৰৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভর্তি কৰায়। কিন্তু আঘাত গুৰুতৰ হোৱা বাবে চিকিৎসকৰ পৰামৰ্শক্রমে ৰাজেশ বাবুক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও বাটতে মৃত্যু হয়। এই লোমহর্ষক ঘটনা সংঘটিত কৰাৰ পিছতো ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ পৰিৱৰ্তে ঘাতক ছাত্রজনে প্রথম মহলাৰ শ্ৰেণীকোঠাৰ পৰা হাতত ছুৰী লৈ নামি আহি আৰক্ষীৰ বাবে বাসগৃহটোৰ তললৈ নামি অহা খটখটীত বহি থাকে । আৰক্ষী কিয় ইমান দেৰিলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই, তাক লৈও বিভিন্নজনক প্রশ্ন কৰে। অৱশ্যে ঘটনাৰ খবৰ পায়ে ততাতৈয়াকৈ উপস্থিত হোৱা এটা টহলদাৰী আৰক্ষীৰ দলে ঘাতক ছাত্ৰজনক নিজৰ জিম্মাত লয় ।প্রাপ্ত বাতৰি মতে, নিহত ৰাজেশ বাবুৰ ঘৰ কৰ্ণাটকৰ বিজয়বাড়াত । আজিৰ পৰা চাৰি বছৰৰ পূৰ্বে লক্ষ্মী নগৰত আৰম্ভ কৰা ছাই বাবা কোচিং চেন্টাৰটোৰ অধ্যক্ষৰ লগতে ৰসায়ন বিভাগৰ পাঠদানো কৰিছিল ৰাজেশ বাবুৱে । একাদশ আৰু দ্বাদশ শ্ৰেণীত ৰসায়ন বিভাগৰ নিয়মিত পাঠদান কৰা ৰাজেশ বাবু পজৌৰীয়াৰ প্রশাসনিক দিশৰ দক্ষতাৰ বাবেই শীর্ষ মণ্ডলীয়ে অধ্যক্ষৰ দৰে গুৰু দায়িত্বও অর্পণ কৰিছিল ।