শিক্ষাগুৰু  আৰু শিক্ষক দিৱস – অনামিকা (সংগীতা)কলিতা

শিক্ষাগুৰু  আৰু শিক্ষক দিৱস

অনামিকা (সংগীতা)কলিতা

বোৱতী নৈৰ দুয়ো পাৰ  এফালে পোহৰ আনফালে আন্ধাৰ।আন্ধাৰ খিনি আঁতৰাই পোহৰৰ পথ দেখুৱাই লৈ যোৱা ব্যক্তি গৰাকীয়ে হ’ল শিক্ষাগুৰু যাৰ কাৰণে আমি জ্ঞান ল’ব পাৰিছোঁ। তেনে এজন  শিক্ষাগুৰু সকলোৰে পৰিচিত জগতত এক বিৰল উদাহৰণ তেখেত নাই যদিও তেখেতৰ গুণ গৰিমা দশোদিশে প্ৰবাহিত হৈ আছে আৰু থাকিব।  মোৰ অকণমান অনুভৱ  লিখিবলৈ প্ৰয়াস কৰিলোঁ।

৫চেপ্তেম্বৰ দিনটো পৱিত্ৰ  দিন ।এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ অন্তৰালত এগৰাকী  মহান মনীষীৰ জন্মদিন ,তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰো সেই গৰাকী মহান ব্যক্তি  “ড:সৰ্ব পলী ৰাধাকৃষ্ণণ”।

ডক্টৰ সৰ্বপলী ৰাধাকৃষ্ণণৰ জন্ম হয় ১৮৮৮চনৰ ৫চেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত।ব্ৰাহ্মণ পৰিয়াল সন্তান আছিল ,মধ্যবিত্ত পৰিয়ালৰ ল’ৰা ।পিতৃ সৰ্ব পলী ৱীৰাস্বামী আৰু মাতৃ সীতাম্মাৰ এজন সুদক্ষ মেধা সম্পন্ন সন্তান আছিল ৰাধাকৃষ্ণণ । দেউতাক সাধাৰণ কৰ্মচাৰী ব্ৰাহ্মণ হলেও ভাৱধাৰা উচ্চ স্তৰৰ আছিল ।যাৰ কাৰণে ৰাধা কৃষ্ণণে খ্ৰিষ্টিয়ান মিশ্যনেৰিসকলে দ্বাৰা স্থাপিত স্কুল কলেজত পঢ়ি দৰ্শন বিভাগত অনাৰ্চ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।ইয়াৰ পিছত মাষ্টাৰ  ডিগ্ৰী লাভ কৰি,অধ্যাপক জীৱনৰ পাতনি মেলিছিলা। এজন আদৰ্শ দাৰ্শনিক শিক্ষা জীৱনৰ লগত জড়িত ব্যক্তি আছিল।পাছলৈ এই জ্ঞানী পুৰুষ জনেই দুবাৰকৈ উপৰাষ্ট্ৰপতি,এবাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল । নাইট উপাধি আৰু ভাৰত ৰত্ন উপাধিৰে বিভূষিত ব্ৰহ্মজ্ঞানী ব্যক্তিজনৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰো। দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও, বিশ্ববাসীৰ চকুৰ আগত তেখেতৰ স্থান আছিল এজন মহান দাৰ্শনিক আৰু শিক্ষক হিচাপে। এই স্থান চিৰ দিনলৈ লিপিবদ্ধ থাকিব যুগ যুগান্তৰলৈকে ।

বৰ্তমান  যুৱ প্ৰজন্মৰ কিছু সংখ্যক  অন্ধকাৰ দিশলৈ গতি কৰা দেখিছোঁ।দেখি মন সেমেকি যায়  । হত্যা, হিংসা  চাৰিওফালে কলুষিত  বাতাবৰণ শুদ্ধ পথৰ প্ৰদৰ্শক হিচাপে “ডক্টৰ সৰ্বপলী ৰাধাকৃষ্ণণৰ ” দৰে   শিক্ষাগুৰুৰ  বিশেষ প্ৰয়োজন আছে। বুৰঞ্জী প্ৰতিটো লিপি এবাৰ চকু ফুৰাই চাওঁ শিক্ষাগুৰু সকলৰ সেই তাহানিৰ পৰা বৰ্তমানলৈকে এক উল্লেখযোগ্য ভূমিকা আছিল আৰু বৰ্তমানো আছে।

৫ চেপ্তেম্বৰ তাৰিখটো অহাৰ লগে লগে তেখেতৰ ভাৱধাৰা বোৰ মনলৈ আহি যায়। এই মনীষী জনৰ আদৰ্শ অনুকৰণ কৰি আহিছোঁ  ।মোৰ আঙুলিত ধৰি জীৱনৰ প্ৰথম আদি পাঠ শিকোৱা মা-দেউতাৰ নাম উল্লেখ নকৰিলে ,হয়তো লিখনি আধৰুৱা হব। তেওঁলোক  দুয়ো গৰাকী প্ৰথম শিক্ষা গুৰু ।তেওঁ লোকে নিজৰ  জীৱনৰ অভিজ্ঞতাৰে আমাক  নীতি শিক্ষা দিছিল ।এতিয়াও সৰোগত কৰি চলি আহিছোঁ। সেই গুৰু দুগৰাকীক  হৃদয়ৰ পৰা প্ৰণাম জনালোঁ।

এটি স্তৱক আগবঢ়ালোঁ।

গুৰু শিষ্যৰ সমন্বয়ৰ
জ্ঞানৰ পোহৰেৰে উজলাই
সময়ৰ সুগন্ধি নৈ,
শিষ্যৰ প্ৰগতি মনৰ শকতি
আশীষ বিচাৰি কৰো
সাফল্যৰ বিজয় উল্লাস।