লোহিত খাবলুৰ পাঠৰিচুক প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ স্মৃতি তোৰণৰ আধাৰশিলা স্থাপন

লোহিত খাবলুৰ পাঠৰিচুক প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ স্মৃতি তোৰণৰ আধাৰশিলা স্থাপন ; প্ৰাক্তন প্ৰধান শিক্ষক শশীধৰ পায়েঙৰ স্মৃতিত পৰিয়ালে নিৰ্মান কৰিব স্থায়ী পকী তোৰণঃ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলী জিলাৰ লোহিত খাবলু গাঁও পঞ্চায়তৰ পাঠৰিচুক প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উপলক্ষে নিৰ্মাণ হ’ব প্ৰাক্তন প্ৰধান শিক্ষক শশীধৰ পায়েঙৰ স্মৃতিত স্থায়ী পকী তোৰণ।
১৯২৬ চনত প্ৰতিষ্ঠিত পাঠৰিচুক প্ৰাথমিক বিদ্যালয়ৰ গৌৰৱোজ্জল শতবৰ্ষ অনুষ্ঠান অহা ২০২৫ চনত উদযাপন কৰা হ’ব। উক্ত, শতবৰ্ষ অনুষ্ঠান উপলক্ষে বিদ্যালয়ৰ প্ৰাংগনত স্থায়ী পকী তোৰণৰ আধাৰশিলা স্থাপন কৰা হয়।
‌বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক শশীধৰ পায়েঙৰ স্মৃতিত নিৰ্মান হ’ব লগীয়া উক্ত শশীধৰ পায়েং স্মৃতি তোৰণৰ আজি আধাৰশিলা স্থাপন কৰে শশীধৰ পায়েঙৰ অভিযন্ত্ৰা পুত্ৰ দীপক কুমাৰ পায়েঙে।
এই উপলক্ষে  পাথৰিচুক প্ৰাথমিক বিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এক আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়।
পাঠৰিচুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমিয় কুমাৰ চিৰাঙে আদৰণী ভাষণ দিয়া উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়খনৰ শতবৰ্ষ উদযাপন সমিতিৰ সম্পাদক দীনেশ পায়েঙে। অনুষ্ঠানত প্ৰয়াত প্ৰধান শিক্ষক শশীধৰ পায়েঙৰ স্মৃতিত বন্তি প্ৰজ্বলনৰ পাছতে আধাৰশিলা স্থাপন কৰে শশীধৰ পায়েঙৰ পুত্ৰ তথা বেংগালুৰুস্থ ” ভেল” ৰ ইলেকট্ৰনিক ইঞ্জিনিয়াৰ দীপক কুমাৰ পায়েঙে।
উক্ত, আধাৰশিলা স্থাপন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে স্থানীয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শৈলেন্দ্ৰ চিন্তে, লক্ষেশ্বৰ পায়েং, ৰাম প্ৰসাদ পায়েং, হৰেশ্বৰ পায়েং, কমল পায়েং আদি।
অনুষ্ঠানত পাঠৰিচুক প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, শতবৰ্ষ উদযাপন সমিতি, শতবৰ্ষ স্মৃতি তোৰণ নিৰ্মাণ উপ – সমিতি আদিৰ লগতে পাঠৰিচুক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল, বৰ্তমানৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, স্থানীয় ৰাইজ উপস্থিত থাকে।  অনুষ্ঠানত শলাগ জ্ঞাপন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক অমিয় কুমাৰ চিৰাঙে।