লোকসভা নিৰ্বাচনত এছইউচিআইৰ ৰাজ্যৰ ছটা লোকসভা কেন্দ্ৰত প্ৰতিদ্বন্দিতা

লোকসভা নিৰ্বাচনত এছইউচিআইৰ ৰাজ্যৰ ছটা লোকসভা কেন্দ্ৰত প্ৰতিদ্বন্দিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  আসন্ন লোকসভা নিৰ্বাচনত এছ ইউ চি আই(কমিউনিষ্ট) দলে ৰাজ্যৰ মুঠ ছটা লোকসভা কেন্দ্ৰত প্ৰতিদ্বন্দ্বিতা কৰিব।  দলৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাসে এক সংবাদ মেল যোগে দলৰ মনোনীত প্ৰাৰ্থী সকলৰ নাম ঘোষণা কৰে। দলৰ পক্ষৰ পৰা ধুবুৰী আসনত ছুৰৎজামান মণ্ডল, বৰপেটাত ডাঃ চিত্ৰলেখা দাস, দৰং-ওদালগুৰিত জীতেন্দ্ৰ চলিহা, লক্ষীমপুৰত পল্লৱ পেগু, কৰিমগঞ্জত প্ৰজ্জ্বল দেৱ আৰু শিলচৰত প্ৰভাস সৰকাৰক প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে।চন্দ্ৰলেখা দাসে আসন্ন লোকসভা নিৰ্বাচনত বিজেপি দলক পৰাজিত কৰাৰ আহ্বান জনাই কয় যে বিজেপি চৰকাৰে দেশৰ শোষক পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থত শাসন পৰিচালনা কৰাৰ পৰিণতিত দেশ তথা ৰাজ্যত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। নতুন কল-কাৰখানা গঢ়ি উঠা দূৰৰে কথা অসংখ্য কল-কৰখানা বন্ধ হৈ গৈছে। ৰাজহুৱা খণ্ডৰ সকলো শিল্প প্ৰতিষ্ঠান ব্যক্তিগত মালিকৰ হাতত গতাই দিয়া হৈছে। গণতান্ত্ৰিক অধিকাৰ সমূহ কাঢ়ি লোৱা হৈছে। দেশত এক ফেচীবাদী শাসন কায়েম কৰা হৈছে। সকলো সচেতন ব্যক্তিয়ে আজি বিজেপিৰ পতন বিচাৰিছে। কিন্তু পুঁজিবাদী ব্যৱস্থাত চৰকাৰ পৰিৱৰ্তন হ’লেও শোষণৰ অৱসান নহয়। শোষণৰ অৱসান হ’ব গণ আন্দোলনক শক্তিশালী কৰাৰ পথেৰে সমাজতান্ত্ৰিক বিপ্লৱ সম্পন্ন কৰাৰ মাজেৰে। সেই উদ্দেশ্য সম্মুখত ৰাখি দলৰ পক্ষৰ পৰা চিপিআই- চিপিএম সহ বামপন্থী দলবোৰৰ ওচৰত বামপন্থী মুক্ত ফ্ৰণ্ট গঢ়ি তুলি তাৰ নেতৃত্বত গণতান্ত্ৰিক দল আৰু ব্যক্তিসকলক যুক্ত কৰি জনজীৱনৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত শক্তিশালী গণ আন্দোলন গঢ়ি তোলা আৰু এই আন্দোলনৰ অংশ হিচাপেই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে আহ্বান জনোৱা হৈছিল যদিও তেওঁলোকে আমাৰ কথাত সহাৰি নিদি পুঁজিপতি শ্ৰেণীৰে আৰু এক বিশ্বস্ত দল কংগ্ৰেছৰ লগত জোট গঢ়ি তুলিছে। ফলত আমাৰ দলে একক শক্তিৰে ভাৰতবৰ্ষৰ ২২ খন ৰাজ্যৰ ১৫৮ টা লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। জনজীৱনৰ সমস্যা সমাধানৰ দাবীত সংসদৰ ভিতৰত তথা বাহিৰত আন্দোলন গঢ়ি তোলাৰ স্বাৰ্থত অসমৰ ছটা লোকসভা সমষ্টিত দলৰ মনোনীত প্ৰাৰ্থীক জয়ী কৰিবলৈ আৰু অন্যান্য আসনত বিজেপি বিৰোধী ও গণ আন্দোলনৰ পৰীক্ষিত প্ৰাৰ্থী সকলক ভোট দিয়াৰ বাবে তেওঁ আহ্বান জনায়।