লোকপ্ৰিয় বৰদলৈ বিদ্যালয়ৰ বঁটা বিতৰণী সভা সম্পন্ন

লোকপ্ৰিয় বৰদলৈ বিদ্যালয়ৰ বঁটা বিতৰণী সভা সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  মালিগাঁৱৰ লোকপ্ৰিয় বৰদলৈ বিদ্যালয় এম. ই.ৰ বঁটা বিতৰণী সভাখন বিদ্যালয়খনৰ প্ৰধান শিক্ষক তিলক চন্দ্ৰ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই । সভাত কামৰূপৰ জিলা আঁচনি বিষয়া ফুলপাহি নাথে বিশিষ্ট অতিথি হিচাপে ভাষণ দি কয় যে খেল -ধেমালিয়ে শিক্ষাৰ্থীসকলৰ মাজত ভাতৃত্ববোধৰ জন্ম দিয়ে। তেওঁ শিক্ষাৰ্থীসকলক বাতৰি পঢ়া আৰু আন সৃষ্টিশীল কাম কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায়। সভাত ৯নং ৱাৰ্ডৰ পাৰিষদ অৰ্চনা দাসে বিশিষ্ট অতিথি হিচাপে ভাষণ দিয়ে। সভাত বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীৰ মাজত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কৃত কৰা হয়। বঁটা বিতৰণী সভাত বিদ্যালয়খনৰ তৰফৰ পৰা শিক্ষাবিদ পৰেশ বৈশ্যক শিক্ষা জগতলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে ফুলাম গামোচা, মানপত্ৰ আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী পূৰৱী দাসে আঁত ধৰা উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষয়িত্ৰী লিলি কলিতাই। শলাগৰ শৰাই আগবঢ়াই শিক্ষয়িত্ৰী সুমনজিৎ ডেকাই। অনুষ্ঠানত বিদ্যালয়ৰ হাতেলিখা আলোচনী সম্পাদনাৰ লগত জড়িত বিষয়ববীয়াসকলক বিদ্যালয়খনৰ প্ৰধান শিক্ষকে পুৰস্কৃত কৰে। সভাত বিদ্যালয়খনৰ কেবাগৰাকী ছাত্ৰীয়ে গীত -মাত আৰু নৃত্য গীত পৰিৱেশন কৰে।