লোকনির্মাণ বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- দিশপুৰ লাষ্টগেটস্থিত লোকনির্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰ, লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাই পথ) বিভাগ, লাষ্ট গেট (Convention and Training Centre, PW (B&NH) Deptt., Lastgate)ত ১৮ গৰাকীকৈ সহকাৰী অভিযন্তাৰ আনুষ্ঠানিক নিযুক্তি পত্ৰ বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে লোকনির্মাণ পথ (PMGYS) বিভাগৰ মন্ত্ৰী শ্ৰীযুত কৃষ্ণেন্দু পাল, লগতে উপস্থিত থাকে লোকনির্মাণ (পথ) বিভাগৰ বিশেষ আয়ুক্ত ও বিশেষ সচিব চন্দন শর্মা, বিশেষ সচিব দেবজিৎ ভূঞা, সচিব পবন টেৰাং তথা লোকনির্মাণ বিভাগৰ মুখ্য অভিযন্তা, উপ সচিব, অৱৰ সচিব প্ৰমুখ্য অন্যন্য বিষয়া কর্মচাৰীবৃন্দ ৷ সভাৰ আদৰণি ভাষণ প্ৰদান কৰে সচিব পৱন টেৰাঙে ৷ মুখ্য অতিথিৰ ভাষণত মন্ত্ৰী শ্ৰীকৃষ্ণেন্দু পালে ৰাজ্যৰ সর্বাংগীন উন্নয়ণৰ বাবে নিষ্ঠাৰে দায়িত্ব সম্পাদন কৰি যাবলৈ আহবান জনায় ৷ ইয়াৰ পিছতে নিযুক্তি পত্ৰ সমূহ প্ৰার্থীসকলক প্ৰদান কৰা হয় ৷ সভাত অন্তত শলাগৰ শৰাই আগবঢ়ায় অধীক্ষক অভিযন্তা (যান্ত্ৰিক) নয়নজ্যোতি বর্মনে ৷