লুপ্ত প্ৰায় পুৰণি বিহু সুৰ সংৰক্ষণৰ বাবে ‘পিয়ানো কিডছ’ৰ প্ৰচেষ্টা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ আগশাৰীৰ সংগীত শিক্ষা প্ৰতিষ্ঠান ‘পিয়ানো কিডছ’ৰ উদ্যোগত অহা বহাগ বিহুৰ আগে আগে প্ৰতিষ্ঠানটোৰ পৈণত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক পুৰণি ঐতিহ্য সম্পন্ন, লুপ্ত প্ৰায় বিহু সুৰ শিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে ইয়াত ‘পিয়ানো কিডছ’ৰ অধ্যক্ষ, প্ৰথিতযশা সংগীতজ্ঞ কুশল কৃষ্ণ দেৱ গোস্বামীয়ে প্ৰায় কুৰিটা নিৰ্বাচিত অসমীয়া পুৰণি বিহুগীতৰ সুৰ সংৰক্ষিত হোৱাকৈ পাশ্চাত্য Staff Notation’লৈ পৰিবৰ্তন কৰি তেওলোকৰ ৱেবছাইটত প্ৰতিষ্ঠা কৰিছে। বিশ্বৰ সংগীত জগতৰ আগ্ৰহী ব্যক্তিয়ে নিৰ্দিষ্ট সামান্য মূল্য দি pianokids.in ৱেবছাইটৰ পৰা এই Staff Notation সমূহ সংগ্ৰহ কৰিব পাৰিব। কৰ্মশালাৰ ‘পিয়ানো কিডছ’ৰ ছাত্ৰছাত্ৰী সকলে এই পুৰণি অসমীয়া নিৰ্বাচিত সুৰ সমূহ Staff Notation’ৰ জৰিয়তে শিকি ভৱিষ্যতে সংৰক্ষণ আৰু প্ৰসাৰৰ লগতে জাতীয় সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি যাব পাৰিব বুলি গোস্বামী আশাবাদী।অসমীয়া বিহুসুৰ, প্ৰকৃততে এনে পদক্ষেপৰ জৰিয়তেহে জগত সভালৈ যোৱাটো সম্ভৱ বুলি ‘পিয়ানো কিডছ’ৰ অধ্যক্ষ গৰাকীয়ে মন্তব্য কৰে। কাৰণ Staff Notation হৈছে বিশ্বৰ উমৈহতীয়া কৈ প্ৰতিষ্ঠিত সংগীত সংৰক্ষণৰ এক মাত্ৰ ব্যৱস্থা। অহা ১০ আৰু ১১ এপ্ৰিলত এই কৰ্মশালা ‘পিয়ানো কিডছ’ৰ গুৱাহাটীৰ বেলতলাস্হিত জীৱকৃষ্ণ অন্তৰংগ মঞ্চত অনুষ্ঠিত হ’ব৷ পাশ্চাত্য সংগীতৰ ওপৰত বহুপ্ৰশংসিত ইম্প্ৰুভাইজড কিতাপ – ‘স্কেল ষ্টাডি’ মুকলি হোৱাৰ পিছত, পিয়ানো কিডছে অতি শেহতীয়াকৈ কুশল কৃষ্ণ দেৱ গোস্বামীৰ দ্বাৰা সংকলিত এখন নতুন কিতাপ ‘পিয়ানো প্ৰ্যাকটিছ বুক ফৰ বিগিনাৰ্ছ’ প্ৰকাশ কৰি উলিয়াইছে।